
নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। সোমবাৰে সংসদ কমপ্লেক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে ওড়িশাৰ ৰাজ্যপাল ড০ হৰি বাবু কাম্ভমপতিয়ে । প্ৰধানমন্ত্ৰীয়ে ড০ হৰি বাবুৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰে।
ড° হৰি বাবুৱে এক্সৰ সন্দৰ্ভত কয়, আজি সংসদত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ । মই তেওঁক ওড়িশাত চলি থকা উন্নয়ন কাৰ্যসূচী, বিভিন্ন খণ্ডত অবিৰত অগ্ৰগতি, আৰু ৰাজ্যখনৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰিলোঁ ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া