জেন-জি আন্দোলনৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা প্ৰকাশৰ দাবীত কাঠমাণ্ডুত প্ৰতিবাদ
কাঠমাণ্ডু, ১৬ মাৰ্চ (হি.স.)। নেপালৰ জেন-জি আন্দোলনৰ তদন্তৰ বাবে গঠন কৰা আয়োগৰ প্ৰতিবেদন প্ৰকাশৰ দাবীত সোমবাৰে কাঠমাণ্ডুৰ মৈতিঘৰ মণ্ডলত প্ৰতিবাদকাৰীয়ে এক বিক্ষোভ প্ৰদৰ্শন কৰে। ইতিমধ্যে গৌৰী বাহাদুৰ কাৰ্কীৰ নেতৃত্বত গৌৰী বাহাদুৰ কাৰ্কীৰ নেতৃত্বত গ
काठमांडू में जेन जनसमूह द्वारा प्रदर्शन


কাঠমাণ্ডু, ১৬ মাৰ্চ (হি.স.)। নেপালৰ জেন-জি আন্দোলনৰ তদন্তৰ বাবে গঠন কৰা আয়োগৰ প্ৰতিবেদন প্ৰকাশৰ দাবীত সোমবাৰে কাঠমাণ্ডুৰ মৈতিঘৰ মণ্ডলত প্ৰতিবাদকাৰীয়ে এক বিক্ষোভ প্ৰদৰ্শন কৰে।

ইতিমধ্যে গৌৰী বাহাদুৰ কাৰ্কীৰ নেতৃত্বত গৌৰী বাহাদুৰ কাৰ্কীৰ নেতৃত্বত গঠিত আয়োগে আন্দোলনৰ তদন্ত সম্পূর্ণ কৰি চৰকাৰক প্রতিবেদন দাখিল কৰিছিল৷ দেওবাৰে কেবিনেট বৈঠকত চৰকাৰে এই প্ৰতিবেদনত অনুমোদন জনাইছে আৰু সোমবাৰে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী জেন-জি আন্দোলন মিত্ৰতা নেপাল, নেপাল জেন-জি ফ্ৰণ্ট, আৰু জেন-জি চিভিক ফ'ৰামৰ যৌথ উদ্যোগত।

প্ৰতিবাদৰ নেতৃত্ব দিয়া ৰক্ষা বামে কয় যে চৰকাৰে প্ৰতিবেদন ৰাজহুৱা নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব। প্ৰতিবাদৰ সময়ত সংগঠনকেইটাই চৰকাৰক তৎক্ষণাত তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ লগতে আন্দোলনৰ সৈতে জড়িত ঘটনা সন্দৰ্ভত স্বচ্ছ তথ্য প্ৰদান কৰিবলৈ দাবী জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande