
কাঠমাণ্ডু, ১৬ মাৰ্চ (হি.স.)। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হোৱাৰ পিছতে কাঠমাণ্ডুৰ পৰা ডুবাইলৈ সকলো বিমান বাতিল কৰা হৈছে। সকলো নেপালী বিমান সংস্থাই যাত্ৰীক বিমানবন্দৰলৈ যাত্ৰা নকৰিবলৈ আৰু তেওঁলোকৰ বিমান সংস্থাৰ ৱেবছাইটৰ জৰিয়তে টিকটৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।
আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ২৮ ফেব্ৰুৱাৰীৰ পৰা ছয় দিনৰ বাবে বন্ধ কৰি দিয়া হৈছিল ডুবাই বিমানবন্দৰ। এই সময়ছোৱাত কাঠমাণ্ডুৰ পৰা ডুবাই আৰু উপসাগৰীয় সকলো দেশলৈ বিমান সেৱা বন্ধ হৈ পৰে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা উপসাগৰীয় অঞ্চলত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ তীব্ৰভাৱে বৃদ্ধি পাইছে। বিশেষকৈ উপসাগৰীয় দেশসমূহত আমেৰিকাৰ কূটনৈতিক মিছন আৰু সামৰিক ঘাটিসমূহৰ লগতে তেলৰ আন্তঃগাঁথনি, বন্দৰ, বিমানবন্দৰ, হোটেল, আৱাসিক আৰু কাৰ্যালয় ভৱনসমূহক লক্ষ্য কৰি লোৱা হৈছে।
সোমবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন আক্ৰমণৰ ফলত এটা ইন্ধনৰ টেংকত জুই লাগে। ইয়াৰ পিছতে যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে বিমানবন্দৰটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। সোমবাৰে ফ্লাই ডুবাই, নেপাল এয়াৰলাইন্স, আৰু হিমালয় এয়াৰলাইন্সে ডুবাইৰ পৰা কাঠমাণ্ডুলৈ বিমান চলাচল কৰাৰ কথা আছিল। ফ্লাই ডুবাই, এমিৰেটছ, হিমালয় এয়াৰলাইন্স আৰু নেপাল এয়াৰলাইন্সেও কাঠমাণ্ডুৰ পৰা ডুবাইলৈ বিমান সেৱা পিছুৱাই দিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia