ডাক বিভাগে কাইলৈ আৰম্ভ কৰিব ‘২৪ স্পীড পোষ্ট’ সেৱা ,ছখন ডাঙৰ চহৰত পিছদিনা পাৰ্চেল ডেলিভাৰীৰ প্ৰতিশ্ৰুতি
নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১৭ মাৰ্চ মঙলবাৰে ডাক বিভাগৰ ‘২৪ স্পীড পোষ্ট’ সেৱা আৰম্ভ কৰিব । এই আঁচনিৰ অধীনত পিছদিনা জৰুৰী পাৰ্চেল ডেলিভাৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ
भारतीय डाक विभाग


নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ১৭ মাৰ্চ মঙলবাৰে ডাক বিভাগৰ ‘২৪ স্পীড পোষ্ট’ সেৱা আৰম্ভ কৰিব । এই আঁচনিৰ অধীনত পিছদিনা জৰুৰী পাৰ্চেল ডেলিভাৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ ছখন ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ’ব ।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে যে ‘২৪ স্পীড পোষ্ট’ সেৱাই পৰৱৰ্তী দিনত জৰুৰী আৰু সময় নিৰ্ধাৰণ কৰা পাৰ্চেলৰ নিশ্চিত ডেলিভাৰী নিশ্চিত কৰিব । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত যোগাযোগ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছানিও উপস্থিত থাকিব।

চৰকাৰৰ মতে এই সেৱা প্ৰথম পৰ্যায়ত দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, আৰু হায়দৰাবাদত আৰম্ভ কৰা হ’ব । ‘২৪’ আৰু ‘৪৮ স্পীড পোষ্ট’ সেৱাই ক্ৰমে ডি+১ (প্ৰেৰণৰ পিছদিনা ডেলিভাৰী) আৰু ডি+২ (প্ৰেৰণৰ দুদিনৰ ভিতৰত ডেলিভাৰী) ডেলিভাৰীৰ সময়সীমা নিশ্চিত কৰিব । এই সেৱাসমূহ নিৰ্দিষ্ট প্ৰচেছিং উইণ্ড’ আৰু অগ্ৰাধিকাৰ বিমান পৰিবহণৰ জৰিয়তে সক্ষম কৰা হয় ।

নতুন সেৱাত অ’টিপি ভিত্তিক নিৰাপদ ডেলিভাৰী, এণ্ড টু এণ্ড ট্ৰেকিঙৰ সৈতে এছএমএছ সতৰ্কবাণী, ব্যৱসায়িক গ্ৰাহকৰ বাবে বাই নাও পে লেটাৰ (বিএনপিএল), বাল্ক বুকিঙৰ বাবে বিনামূলীয়া পিকআপ, এপিআই সংহতি, আৰু কেন্দ্ৰীভূত বিলিঙৰ দৰে বৈশিষ্ট্য থাকিব । ডেলিভাৰীত পলম হ’লে গ্ৰাহকক মানি বেক গেৰাণ্টীও প্ৰদান কৰা হ’ব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande