
নতুন দিল্লী, ১৬ মাৰ্চ (হি.স.)। নিৰ্বাচন আয়োগে অহা ৯ এপ্ৰিলত অসম, কেৰালা, আৰু পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আৰু গোৱা, কৰ্ণাটক, নাগালেণ্ড, আৰু ত্ৰিপুৰাৰ পাঁচখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ বাবে সোমবাৰে অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে এই সমষ্টিসমূহত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে।
নিৰ্বাচন আয়োগে উল্লেখ কৰে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াসকলক আদৰ্শ আচৰণ বিধি (এমচিচি) তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে । লগতে নিজ নিজ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈও আবেদন কৰিব এমচিচি ।
চৰকাৰী, ৰাজহুৱা, আৰু ব্যক্তিগত সম্পত্তিৰ পৰা নিৰ্বাচনী বিকৃতি আঁতৰোৱা, চৰকাৰী বাহন বা বাসগৃহৰ অপব্যৱহাৰ ৰোধ কৰা, চৰকাৰী খৰচত বিজ্ঞাপন প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আয়োগে নিৰ্দেশনা জাৰি কৰিছে। নাগৰিকৰ গোপনীয়তা উলংঘা কৰিবলৈ ৰাজহুৱা বাসগৃহৰ বাহিৰত বিক্ষোভ বা প্ৰতিবাদ নিষিদ্ধ কৰিছে আয়োগে । ইয়াৰ উপৰিও মালিকৰ সন্মতি অবিহনে পতাকা, বেনাৰ বা পোষ্টাৰৰ বাবে মাটি, অট্টালিকা বা দেৱাল ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰা হৈছে ।
আয়োগে অভিযোগৰ বাবে নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰিছে, ১৯৫০ চনৰ কল চেণ্টাৰ নম্বৰ ব্যৱহাৰ কৰি। এই ব্যৱস্থাৰ জৰিয়তে নাগৰিক বা ৰাজনৈতিক দলে সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়া বা ৰিটাৰ্নিং বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও নাগৰিক আৰু ৰাজনৈতিক দলসমূহে চি-ভিজিল এপ ব্যৱহাৰ কৰি এমচিচি উলংঘাৰ খবৰ দিব পাৰে । অভিযোগৰ ওপৰত ১০০ মিনিটৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ৫,১৭৩টাতকৈও অধিক ফ্লাইং স্কোয়াড আৰু ৫,২০০ৰো অধিক ষ্টেটিক চাৰ্ভিলেন্স দল নিয়োগ কৰা হৈছে ।
আয়োগে কয় যে ৰাজনৈতিক দলসমূহে সভা আৰু শোভাযাত্ৰাৰ পূৰ্বে আৰক্ষী কৰ্তৃপক্ষক অৱগত কৰিব লাগিব যাতে যাতায়ত আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিব পৰা যায় । লাউডস্পীকাৰ আৰু অন্যান্য সুবিধাৰ বাবে প্ৰয়োজনীয় অনুমতি বাধ্যতামূলক হ’ব। মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে চৰকাৰী কৰ্তব্য পালন নকৰে, চৰকাৰী যন্ত্ৰপাতি, পৰিবহণ বা কৰ্মীও ব্যৱহাৰ নকৰে ।
সকলো স্তৰৰ বিষয়াক এমচিচি বলবৎ কৰিবলৈ, সকলো পক্ষক সমান ব্যৱহাৰ কৰিবলৈ, আৰু চৰকাৰী সুবিধাসমূহৰ অপব্যৱহাৰ ৰোধৰ বাবে বৈষম্যহীনভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকে সভা, শোভাযাত্ৰা, আৰু ভোটগ্ৰহণৰ ব্যৱস্থা সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, আইন-শৃংখলা বজাই ৰাখিব লাগিব, নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰিব লাগিব ।
আয়োগে সুবিধা মডিউল (নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজহুৱা স্থান, যেনে খেলপথাৰ আৰু হেলিপেড ব্যৱহাৰৰ বাবে অনলাইন আবেদনৰ বাবে ডিজিটেল প্লেটফৰ্ম)ও সক্ৰিয় কৰিছে ।
উল্লেখযোগ্য যে ১৫ মাৰ্চত নিৰ্বাচন আয়োগে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু, আৰু পশ্চিম বংগৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল । ৯ এপ্ৰিলত অসম, কেৰালা আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে গোৱা (পোণ্ডা), কৰ্ণাটক (বাগালকোট, দভাংগেৰে দক্ষিণ), নাগালেণ্ড (কোৰিধং), আৰু ত্ৰিপুৰা (ধৰ্মনগৰ)ত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে ২৩ এপ্ৰিলত তামিলনাডু বিধানসভা নিৰ্বাচন আৰু পশ্চিম বংগত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, আনহাতে গুজৰাট (উমৰেঠ) আৰু মহাৰাষ্ট্ৰ (ৰাহুৰী, বাৰামাটি)তো উপ-নিৰ্বাচনো একেদিনাই অনুষ্ঠিত হ’ব । অহা ২৯ এপ্ৰিলত পশ্চিম বংগত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । আনহাতে ৪ মে’ত ঘোষণা কৰা হ’ব ফলাফল ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia