অসম বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিৰ ১৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা
গুৱাহাটী, ১৫ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি দেওবাৰে আম আদমী পাৰ্টিয়ে (আপ) প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মা স্বাক্ষৰিত এক বিবৃতিত এই তালিকাখন প্ৰকাশ কৰা হয়। প্ৰথম পৰ্যায়ত মুঠ ১৪গৰাকী প্ৰাৰ্থী
আম আদমী পাৰ্টি


গুৱাহাটী, ১৫ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি দেওবাৰে আম আদমী পাৰ্টিয়ে (আপ) প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৰ ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মা স্বাক্ষৰিত এক বিবৃতিত এই তালিকাখন প্ৰকাশ কৰা হয়। প্ৰথম পৰ্যায়ত মুঠ ১৪গৰাকী প্ৰাৰ্থীক বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰিছে আম আদমী পাৰ্টিয়ে।

দলীয় সূত্ৰই জনোৱা অনুসৰি, এই প্ৰাৰ্থীসকল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত আৰু স্থানীয় সমস্যাসমূহক গুৰুত্ব সহকাৰে উত্থাপন কৰাৰ লক্ষ্যৰে তেওঁলোকক নিৰ্বাচনী ৰণক্ষেত্ৰলৈ আগবঢ়াই দিয়া হৈছে। আপে দলটোৰ জনমুখী ৰাজনীতিৰ নীতি আৰু উন্নয়নমুখী পৰিকল্পনাক আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা বুলি দলীয় নেতৃত্বই প্ৰকাশ কৰে।

প্ৰকাশিত তালিকা অনুসৰি, নাওবৈচা সমষ্টিত অচ্যুৎ দাস, দেৰগাঁও সমষ্টিত পুলিন গগৈ, গহপুৰ সমষ্টিত জাৰবম কুটুম আৰু মধ্য গুৱাহাটীত অনুৰূপা ডেকাৰজাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। একে সময়তে খুমটাই সমষ্টিত আশিস হাজৰিকা আৰু শিৱসাগৰ সমষ্টিত তপন গগৈক দলটোৱে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।

দলীয় নেতৃত্বই কয় যে আগন্তুক দিনসমূহত আৰু কেইবাটাও সমষ্টিৰ বাবে আন প্ৰাৰ্থী তালিকাও ঘোষণা কৰা হ’ব। ৰাজ্যত বিকল্প ৰাজনীতিৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আপে এইবাৰ নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন কৰাৰ আশাবাদ ব্যক্ত কৰিছে দলীয় নেতৃত্বই। কাৰ্যতঃ অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে আম আদমী পাৰ্টি।

ইফালে আপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক মহলত তুমুল চৰ্চা আৰম্ভ হৈছে । কিয়নো, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিবলগীয়া কেইবাটাও সমষ্টিত আম আদমী পাৰ্টিয়ে দলীয় প্ৰাৰ্থিত্ব ঘোষণা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande