
কামৰূপ, ১৫ মাৰ্চ (হি.স.)। ৰঙিয়াৰ সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি। ৰঙিয়া সমজিলাবাসী ৰাইজৰ বিভাগীয় কাম কাজ সুচাৰুৰূপে পৰিচালনাৰ্থে নৱনিৰ্মিত সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয়টোৰ আজি শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাৰ্চুৱেলী কাৰ্যালয় গৃহটো আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে।
প্ৰায় ১৮ কোটি টকা ব্যয় সাপেক্ষে ৰঙিয়াৰ ৬ নং ৱাৰ্ডত নিৰ্মাণ কৰা হয় কাৰ্যালয় গৃহটোৰ। সংহত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সমজিলা আয়ুক্তৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়কে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয়।উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২৩ ৰ ২৪ মাৰ্চত আধাৰশিলা কৰিছিল এই কাৰ্যালয়টোৰ। অনুষ্ঠানত স্থানীয় বিধায়ক ভবেশ কলিতাই অংশগ্ৰহণ কৰি কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে।বিধায়ক গৰাকীক সংগ দিয়ে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, সমজিলা আয়ুক্ত দেৱাশীষ গোস্বামী,কামৰূপ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা