

গুৱাহাটী, ১৫ মাৰ্চ (হি.স.)। বৰষুণত জুৰুলি জুপুৰি হ'বলৈ নিদিয়ে প্ৰকৃতিৰ সন্তানক। সোণাপুৰৰ জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত উৱলি যোৱা কাপোৰৰ টেণ্টৰ ওপৰত নিজাববীয়া প্ৰচেষ্টাৰে তৰিলে ত্ৰিপাল।
উদ্দেশ্যে অনুৰাগীয়ে আগবঢ়োৱা উপহাৰ বৰষুণে নষ্ট নকৰক, নুমাই নাযাওক শ্ৰদ্বাৰে জ্বলোৱা বন্তি, দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণে নষ্ট কৰিছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰ সমূহ ,ক্ষণিকৰ বাবে নুমাই গৈছিল বন্তি।
যাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। সেয়ে গৰিমা শইকীয়া গাৰ্গে এই দৃশ্য সহিব নোৱাৰি আজি নিজাববীয়া প্ৰচেষ্টাৰে এনেদৰে ত্ৰিপাল আঁৰি মৰমৰ গোল্ডীক ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰাৰ চলালে প্ৰচেষ্টা।
হিন্দুস্থান সমাচাৰ / Narayan Kar