
শোণিতপুৰ, ১৫ মাৰ্চ (হি.স.)। বালিপৰাৰ পাটগাঁৱত ৰেচন কাৰ্ড বিতৰণ। বিধায়ক কৃষ্ণ কমল তাঁতীৰ অংশ গ্ৰহণ। শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ বালিপৰাৰ সমীপৱৰ্তী পাটগাও প্ৰেক্ষাগৃহত আজি হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৪ হাজাৰ হিতাধিকাৰীৰ ৫২৯ টা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত বিধায়ক কৃষ্ণ কমল তাঁতীয়ে অতিথিৰ আসন অলংকৃত কৰি দিয়া বক্তব্য আগবঢ়ায়।
ভাষণত ৰেচন কাৰ্ড নথকা লোক সকল কেনেদৰে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় এই বিষয়ে উল্লেখ কৰাৰ উপৰিও বৰ্তমান সময়ত ৰেচন কাৰ্ড জীৱন কাৰ্ড লৈ পৰিণত হৈছে বুলি উল্লেখ কৰে। আনহাতে বহুতো আট্টৱন্ত লোকে ৰেচন কাৰ্ড লৈ সূলভ মূল্যৰ সামগ্ৰী লাভ কৰি আছে তেনে লোক সকলে আন দৰিদ্ৰ লোক সকলে যাতে ৰেচন কাৰ্ড লাভ কৰিব পাৰে তাৰ বাবে ৰেচন কাৰ্ড ঘূৰাই দিয়া উচিত বুলি কয়।
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক প্ৰানজিত শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জিলা কাৰ্যনিৰ্বাহক সদস্য পূৰ্ণ শইকীয়া , ঘোৰামাৰী পঞ্চায়তৰ সভাপতি প্ৰশান্ত দাস , জিলা সম্পাদক ধ্ৰুৱ প্ৰসাদ কুৰ্মী , বালিপৰা সমবায় সমিতিৰ সভাপতি দুলাল দাস , সচিব দিপেন দাস , ৰঙাপৰা সমবায় সমিতিৰ সচিব আব্দুল বাচিৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল স্থানীয় ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু