
ৱাশ্বিংটন, ১৫ মাৰ্চ (হি.স.)। ইৰাণৰ বিৰুদ্ধে অভিযানত অংশগ্ৰহণ কৰি থকাৰ সময়তে পশ্চিম ইৰাকত ইন্ধন ভৰোৱা বিমান দুৰ্ঘটনাত নিহত হোৱা ছয়জন আমেৰিকান সৈনিককে বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনে চিনাক্ত কৰে। পেন্টাগনে উল্লেখ কৰিছে যে এই দুৰ্ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে।
পেন্টাগনৰ উদ্ধৃতি দি চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি এই ছয়জন সৈনিকক চিনাক্ত কৰা হৈছে: (১) আলাবামাৰ অবাৰ্নৰ মেজৰ জন এ ক্লেইনাৰ (৩৩); (২) ৱাশ্বিংটনৰ কভিংটনৰ কেপ্তেইন আৰিয়ানা জি ছাভিনো (৩১); (৩) টেক। কেন্টাকিৰ বাৰ্ডছটাউনৰ চাৰ্জেণ্ট এছলী বি প্ৰুইট (৩৪); (৪) ইণ্ডিয়ানাৰ মূৰছভিলৰ কেপ্তেইন ছেথ আৰ কোভাল (৩৮); (৫) অহাইঅ’ৰ উইলমিংটনৰ কেপ্তেইন কাৰ্টিছ জে এংষ্ট (৩০) আৰু (৬) টেক. অহাইঅ’ৰ কলম্বাছৰ চাৰ্জেণ্ট টাইলাৰ এইচ ছিমনছ (২৮)।
পেন্টাগনে জনোৱা মতে, ক্লেইনাৰ, চেভিনো আৰু প্ৰুইটক ফ্ল’ৰিডাৰ মেকডিল বায়ুসেনা ঘাটিৰ ৬ নং এয়াৰ ৰিফিউলিং উইঙত আৰু কোভাল, এংষ্ট আৰু ছিমনছক অহাইঅ’ৰ কলম্বাছৰ ৰিকেনবেকাৰ এয়াৰ নেশ্যনেল গাৰ্ড বেছৰ ১২১ নং এয়াৰ ৰিফিউলিং উইঙত নিযুক্তি দিয়া হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ