
বিশ্বনাথ, ১৫ মাৰ্চ (হি.স.)। শংকৰজ্যোতি কুটুমক কংগ্ৰেছে প্ৰাৰ্থী হিছাপে ঘোষণা কৰাৰ পাছতে গহপুৰত কংগ্ৰেছ ত্যাগৰ জোৱাৰ উঠিছে ৷ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশী দিনেন কুমাৰ পেগু আৰু হেমন্ত বিজয় মহন্তই দল ত্যাগ কৰে ।
গৌৰৱ গগৈৰ অপৰিপক্ক ৰিজনিতি আৰু ৰিপুন বৰাৰ একনায়কত্বা বাদৰ বাবে দুমাহৰ পূৱে বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰা দল বাগৰা শংকৰজ্যোতি কুটুমে টিকত পাবলৈ সক্ষম হয় ৷ এই নিৰ্বাচনত কংগ্ৰেছে ১০-১৫ হাজাৰ ভোট লাভ কৰিব ৷ বিজেপি প্ৰাৰ্থীক জয় কৰাৰ বাবে কুটুমক টিকত দিয়াৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছে ৷ সদ্যত্যাগী দিনেন পেগুৰ বাস গৃহত সংবাদমেল সম্বোধন কৰি এই অভিযোগ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ