গৰৈমাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত দুজন
কামৰূপ, ১৫ মাৰ্চ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ বালিভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ঘোঁৰাগাড়ীত থকা এজন লোক৷ আহত হৈছে দুজনকৈ লোক৷ গৰৈমাৰীৰ বৰভিঠাত আজি পুৱতি নিশা বালিভৰ্তি ডাম্পাৰ এখনে পিচ পিনৰ পৰা পাঁচলি কঢ়িওৱা ঘোঁ
গৰৈমাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত,আহত দুজন


কামৰূপ, ১৫ মাৰ্চ (হি.স.)। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বৰভিঠাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ বালিভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ঘোঁৰাগাড়ীত থকা এজন লোক৷ আহত হৈছে দুজনকৈ লোক৷ গৰৈমাৰীৰ বৰভিঠাত আজি পুৱতি নিশা বালিভৰ্তি ডাম্পাৰ এখনে পিচ পিনৰ পৰা পাঁচলি কঢ়িওৱা ঘোঁৰাগাড়ীত খুন্দা মাৰে ফলত ঘোঁৰাগাড়ীত থকা এজন লোক থিতাতে নিহত হয়৷

নিহত লোক জন হৈছে ভকুৱামাৰী চৰৰ আশ্ৰাফ আলী৷ আহত আব্দুল আলী আৰু জহিৰুল ইছলাম সম্প্ৰতি গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande