নলবাৰীত ৰহস্যজনক ভাবে জনক মজুত ৰখা বাইক উদ্ধাৰ
নলবাৰী, ১৫ মাৰ্চ (হি.স.)। নলবাৰীত ৰহস্যজনক ভাবে জনক মজুত ৰখা বাইক উদ্ধাৰ।নলবাৰীৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে ১৩ খনকৈ বাইক। নলবাৰীৰ মালিকুছিৰ ত্ৰিনয়ন মন্দিৰৰ সমীপত উদ্ধাৰ কৰা হৈছে এই বাইক সমুহ। দ্বীপেন বৰ্মন নামৰ লোক এজনৰ ঘৰৰ ভিতৰত মজুত কৰি ৰ
নলবাৰীত ৰহস্যজনক ভাবে জনক মজুত ৰখা বাইক উদ্ধাৰ


নলবাৰী, ১৫ মাৰ্চ (হি.স.)। নলবাৰীত ৰহস্যজনক ভাবে জনক মজুত ৰখা বাইক উদ্ধাৰ।নলবাৰীৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হৈছে ১৩ খনকৈ বাইক। নলবাৰীৰ মালিকুছিৰ ত্ৰিনয়ন মন্দিৰৰ সমীপত উদ্ধাৰ কৰা হৈছে এই বাইক সমুহ।

দ্বীপেন বৰ্মন নামৰ লোক এজনৰ ঘৰৰ ভিতৰত মজুত কৰি ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছে তেৰ খনকৈ মটৰ চাইকেল আৰু ষ্কুটি। নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতা আৰু নলবাৰী টাউন উপ পৰিদৰ্শক গীতাৰ্থ দেব চৌধুৰীৰ নেতৃত্বত নিশা চলিছিল অভিযান। বাইক চুৰিৰ সন্দেহত আটক কৰা দ্বীপ জ্যোতি ৰাজবংশীৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিশা অভিযান চলাই দ্বীপেন বৰ্মনৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে তেৰ খনকৈ মটৰ চাইকেল। বাইক সমুহ চোৰাং হয় নে নহয় এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীৰ অধীক্ষক তদন্তত হেৰফেৰ পোহৰলৈ আ।ইব উদ্ধাৰ বাইকৰ তথ্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande