
তামুলপুৰ, ১৫ মাৰ্চ (হি.স.)। তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷
তামুলপুৰৰ ঘগ্ৰা চ'কৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰ সংযোগী পথৰ ঘগ্ৰা চকৰ পৰা কালকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছিল।
আজি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই পথছোৱাৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে ৷
এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল।
আজি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰা চকৰ পৰা কলকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰাত ৰাইজে আজি অধ্যক্ষ গৰিকীক ধন্যবাদ জনায় ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু