কমলপুৰত আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ প্ৰায় এক কোটি টকাৰ চেক বিতৰণ কৰা হয়
কামৰূপ, ১৫ মাৰ্চ (হি.স.)। কামৰূপ জিলাৰ কমলপুৰত আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ প্ৰায় এক কোটি টকাৰ চেক বিতৰণ কৰা হয়। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই বিতৰণ কৰে এই চেক সমুহ। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ ল
কমলপুৰত আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ প্ৰায় এক কোটি টকাৰ চেক বিতৰণ কৰা হয়


কামৰূপ, ১৫ মাৰ্চ (হি.স.)। কামৰূপ জিলাৰ কমলপুৰত আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ প্ৰায় এক কোটি টকাৰ চেক বিতৰণ কৰা হয়। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই বিতৰণ কৰে এই চেক সমুহ।

নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ লগতে সাংসদ উন্নয়ন পুঁজি, অসম দৰ্শন , বিধায়ক উন্নয়ন পুঁজিকে ধৰি আনটাইড ফাণ্ডৰ প্ৰায় ছয় কোটি টকাৰ চেক বিতৰণ কৰে বিধায়ক কলিতাই। ইপিনে বিগত পাঁচ বৰ্ষত কমলপুৰ সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আচঁনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৫০০ কোটি টকা প্ৰদান কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande