
শোণিতপুৰ, ১৫ মাৰ্চ (হি.স.)। ৰঙাপৰাত মৃত পশুধন কাটি বিক্ৰীৰ অভিসন্ধি এজন লোকৰ৷ অসাধু ব্যক্তিক ৰাইজে ধৰি শোধালে উত্তমমাধ্যম৷
শোণিতপুৰৰ ৰঙাপৰা অঞ্চলত সংঘটিত হোৱা এক অবাঞ্চিত ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে ব্যাপক চাঞ্চল্য।এজন আসাধু ব্যক্তিয়ে এটা মৃত গোধন গাত খান্দি পুতি থোৱাৰ বিপৰীতে অতি গোপনে টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ যো -জাঁ চলাৱাৰ মুহুৰ্তত ধৰা পৰে ৰাইজৰ হাতত । ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ ৩ নং শ্ৰমিক লাইনৰ বাসিন্দা নিপেন ভূঁঞৰ নামৰ অসাধু ব্যক্তি গৰাকীয়ে মৃত গোধনটো পুতি থ'ব বুলি স্থানীয় ৰাইজক আশ্বাস দিছিল। কিন্তু পিছত তেওঁ উক্ত মৃত পশুধনটোক টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰাৰ যো-জা চলাইছিল। ইফালে অবাঞ্চিত ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।নিপেন ভূঁঞৰে মৃত গোধনটো কাটি পেলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতে একাংশ ৰাইজে ধৰি লৈ উত্তম-মাধ্যম শোধায়। উল্লেখ্য যে হিন্দু সমাজত গোধনক পূজ্য হিচাপে গণ্য কৰা হয়। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকে এই কাৰ্য্যৰ তীব্ৰ ধিক্কাৰ জনায় আৰু ৰাইজে নিপেন ভূঁঞৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু