
কাছাৰ, ১৫ মাৰ্চ (হি.স.)। কাছাৰত হঠাৎ অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু বৰষুণৰ ফলত একাংশ ৰাইজ বিস্তৰ ক্ষতিৰ সন্মুখীন হব লগা হয়। আজি দিনত হঠাতে অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু তীব্ৰ বতাহে শিলচৰ চহৰৰ লগতে জিলা খনৰ বিভিন্ন গ্ৰামাঞ্চলত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে।
শিলাবৃষ্টিৰ ফলত বহু লোকৰ ঘৰৰ টিনপাত ফুটি নষ্ট হৈ পৰিছে। বিশেষকৈ কেঁচা ঘৰ আৰু টিনৰ চালি থকা পৰিয়াল সমূহৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। লগতে তীব্ৰ বতাহ আৰু শিলাবৃষ্টিৰ ফলত ঠায়ে ঠায়ে গছ-গছনি উভালি পৰিছে। ইয়াৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি যোৱাত শিলচৰ চহৰৰ বহু অংশ আন্ধাৰত ডুব গৈছে।
ৰাজ্য়িক দুৰ্যোগ প্ৰশমণ বিভাগে জনসাধাৰণক এই বিষয়ে পূৰ্বে সতৰ্ক কৰি দিয়া বাবে ক্ষয়ক্ষতিৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস পোৱা বুলি জিলা প্ৰশাসনে অনুমান কৰাৰ বিষয়টো জিলা প্ৰশাসনৰ এগৰাকী জেষ্ঠ বিষয়াই সংবাদ মাধ্য়মক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা