ইউ পি ষ্টেট এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা
–২৪ আৰু ২৫ মাৰ্চত ওড়িশাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব দুয়োগৰাকী খেলুৱৈয়ে মোৰাদাবাদ, ১৫ মাৰ্চ (হি.স.)। লক্ষ্ণৌৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া সঞ্চালকালয় আৰু ৰাজ্যিক এথলেটিকছ সন্থাৰ সমন্বয়ত অযোধ্যাত অনুষ্ঠিত হোৱ
यूपी स्टेट एथलेटिक्स चैम्पियनशिप में स्वर्ण पदक जीतने वाले खिलाड़ी सोनकपुर स्टेडियम में सम्मानित होते।


–২৪ আৰু ২৫ মাৰ্চত ওড়িশাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব দুয়োগৰাকী খেলুৱৈয়ে

মোৰাদাবাদ, ১৫ মাৰ্চ (হি.স.)। লক্ষ্ণৌৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া সঞ্চালকালয় আৰু ৰাজ্যিক এথলেটিকছ সন্থাৰ সমন্বয়ত অযোধ্যাত অনুষ্ঠিত হোৱা সপ্তম ইউ পি ষ্টেট এথলেটিকছ চেম্পিয়নশ্বিপত মোৰাদাবাদৰ কৌশল কুমাৰ আৰু অতুল কুমাৰে ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে। দেওবাৰে ৰামগংগা বিহাৰৰ নেতাজী সুভাষ চন্দ্ৰ বসু সোণকপুৰ ক্ৰীড়া খেলপথাৰত এই সফলতাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

উত্তৰ প্ৰদেশ অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ড০ অজয় পাঠকে উল্লেখ কৰে যে ২৪ আৰু ২৫ মাৰ্চত ওড়িশাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত দুয়োগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে আজি পুৱা সোণকপুৰ ক্ৰীড়া খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে কৌশল কুমাৰ আৰু অতুল কুমাৰক উত্তৰ প্ৰদেশ অলিম্পিক সন্থাই পদক আৰু প্ৰমাণ পত্ৰৰে সন্মানিত কৰে।

এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ (এথলেটিকছ) সৰিতা সিং, এথলেটিকছ প্ৰশিক্ষক ললিতা চৌহান, প্ৰধান সহায়ক ৰাম কৃপাল, আৰু ৰাহুল মেছি উপস্থিত থাকে। দুয়োগৰাকী খেলুৱৈকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আৰু পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande