
নতুন দিল্লী, ১৫ মাৰ্চ (হি.স.)। ভাৰতীয় পুৰুষ ফুটবল দলে অহা ৩১ মাৰ্চত এ এফ চি এছিয়ান কাপ চৌদি আৰব ২০২৭ কোৱালিফায়াৰৰ অন্তিমখন খেলত হংকং-চীন পুৰুষৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। কেৰালাৰ কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ।
এই খেলখনো বিশেষ বুলি গণ্য কৰা হয় কাৰণ এই কোচি ষ্টেডিয়ামত প্ৰায় দহ বছৰৰ পাছত ভাৰতীয় পুৰুষৰ ফুটবল দলৰ আয়োজন কৰা হ’ব। ইয়াৰ পূৰ্বে ২০১৬ চনৰ মাৰ্চ মাহত ভাৰতে একেখন খেলপথাৰতে তুৰ্কমেনিস্তানৰ পুৰুষ ফুটবল দলৰ বিৰুদ্ধে ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ খেল খেলিছিল । সেইটোৱেই আছিল শেষবাৰৰ বাবে ভাৰতীয় ছিনিয়ৰ দলটোৱে কেৰালাত আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল ।
যদিও ইতিমধ্যে ভাৰত এ এফ চি এছিয়ান কাপ চৌদি আৰব ২০২৭ৰ বাবে যোগ্যতা অৰ্জনৰ পৰা বাহিৰ হৈছে, তথাপিও দলটোৱে জয়ৰ সৈতে নিজৰ অভিযানৰ অন্ত পেলাবলৈ বিচাৰিব । এই মেচখন অৰ্হতাৰ ক্ষেত্ৰত আনুষ্ঠানিকতা হ’ব পাৰে যদিও হংকঙকো বাহিৰ কৰা হৈছে, ইয়াৰ পৰা লাভ কৰা ফিফাৰ ৰেংকিং পইণ্ট দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব ।
এ এফ চি এছিয়ান কাপ ২০২৭ৰ কোৱালিফায়াৰৰ অন্তিম ৰাউণ্ডৰ এইখন হ’ব ভাৰতৰ ঘৰুৱা খেল তৃতীয়খন । ইয়াৰ পূৰ্বে ভাৰতে মাৰ্চ মাহত শ্বিলঙত বাংলাদেশৰ পুৰুষ ফুটবল দলৰ বিৰুদ্ধে খেলিছিল আৰু অক্টোবৰ মাহত মাৰ্গাওত ছিংগাপুৰৰ পুৰুষৰ ফুটবল দলৰ বিৰুদ্ধে খেলিছিল ।
কোচিত অনুষ্ঠিত এই মেচখন হ’ব ভাৰতীয় দলৰ অভিযানৰ অন্তিমখন মেচ, য’ত তেওঁলোকে জয়েৰে কোৱালিফায়াৰৰ অন্ত পেলাবলৈ চেষ্টা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া