যোৰহাটত চিলনী চোৰ কৰায়ত্ব
যোৰহাট, ১৫ মাৰ্চ (হি.স.)। যোৰহাটত চিলনী চোৰৰ সন্ত্ৰাস । যোৰহাট নগৰৰ মাজ মজিয়াত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। যোৰহাটৰ নিউভিল ৰোডৰ পাছলি বজাৰত বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ হাতৰ পৰা মানিবেগৰ লগতে মোবাইল লৈ উধাও হয় চোৰটো। জানিব পৰা মতে
যোৰহাটত চিলনী চোৰ কৰায়ত্ব


যোৰহাট, ১৫ মাৰ্চ (হি.স.)। যোৰহাটত চিলনী চোৰৰ সন্ত্ৰাস । যোৰহাট নগৰৰ মাজ মজিয়াত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। যোৰহাটৰ নিউভিল ৰোডৰ পাছলি বজাৰত বজাৰ কৰিবলৈ অহা এগৰাকী মহিলাৰ হাতৰ পৰা মানিবেগৰ লগতে মোবাইল লৈ উধাও হয় চোৰটো। জানিব পৰা মতে চোৰটোৱে দুদিনৰ আগত একে স্থানতে ধৃত চোৰটোৱে চুৰি কাণ্ড সংঘটিত কৰিছিল ।

স্থানীয় ৰাইজে পিছে পিছে খেদি গৈ ধৃত চিলনী চোৰজনক কৰায়ত্ত কৰাৰ লগতে উত্তম-মাধ্যম সোধাই যোৰহাট আৰক্ষীক চমজাই দিয়ে ।আনহাতেদি ড্ৰাগছৰ বাবেই এনেবোৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ধৃত চিলনী চোৰজনক যোৰহাটৰ বৰিগাঁৱৰ বাসিন্দা পলাশ প্ৰতীম দাস বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande