
নলবাৰী, ১৫ মাৰ্চ (হি.স.): নলবাৰী জিলাৰ টিহু পৌৰসভা এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বান। এজাক মুষলধাৰ বৰষুনতে টিহু নগৰৰ বাট-পথ বুৰ গল কৃত্ৰিম বানত । ইফালে টিহু নাথকুছিত বিয়াৰ মাংগলিক কাৰ্যসূচীত পানী তোলা পৰ্বলৈ অহা কইনাৰ মাক পৰিল কৃত্ৰিম বানত । নগৰখনৰ কৃত্ৰিম বানৰ কৱলত পৰি কইনাৰ মাক, আয়তী, বেণ্ডপাৰ্টি, সকলোৰে লটি ঘটি হয় ।
উল্লেখ্য় যে ফাগুনৰ প্ৰথম জাক বৰষুনতে বুৰিল টিহু নগৰ । এতিয়া আগন্তুক বাৰিষাৰ বৰষুনৰ লগত যুঁজিব কেনেকৈ টিহু পৌৰসভাই সেয়াহে চৰ্চাৰ বিষয় হৈ পৰিছে । নগৰখন উন্নয়নৰ বাবে পঞ্চদশ আয়োগৰ পৰা পোৱা টকা লুন্ঠন চলাই এতিয়া টিহু নগৰবাসীক দিছে যমৰ যাতনা । ৰাজ্যৰ দুই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত কুমাৰ দাস লগতে বিধায়ক ভূপেন বড়োৱে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজৰ মাজ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ