
কামৰূপ, ১৪ মাৰ্চ (হি.স.)। পুনৰ ব্ৰহ্মপুত্ৰ নৈত উদ্ধাৰ এটা অচিনাক্ত পুৰুষৰ মৃতদেহ । পিছফালে হাত দুখন বন্ধা আৰু শিল বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
শুৱালকুছি নদী আৰক্ষীৰ অন্তৰ্গত দখলাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটোৰ পিচফালে হাত দুখন বন্ধা থকাৰ লগতে শিল বন্ধা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । স্থানীয় গাঁওবুঢ়াৰৰ খৱৰৰ ভিত্তিত ঘটনা স্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে শুৱালকুছি নদী আৰক্ষীয়ে ।
কোনো লোকে যুৱক জনক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ সন্দেহ। মৃতদেহটো পিন্ধনত হাফ পেন্ট আৰু চাৰ্ট পৰিহিত আছিল। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো কাৰ সেই পৰিচয় এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে। আৰক্ষীয়ে মৃতদেহটোৰ পৰিচয় উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা