কলকাতাত প্ৰধানমন্ত্ৰী মোডীৰ সমাৱেশৰ পূৰ্বে বিজেপি-তৃণমূল কৰ্মীৰ মাজত সংঘৰ্ষ, শিলগুটি নিক্ষেপ
কলকাতা, ১৪ মাৰ্চ (হি.স.)। উত্তৰ কলকাতাৰ গিৰীশ পাৰ্ক অঞ্চলত শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী কঢ়িয়াই পশ্চিম বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমাৱেশলৈ যোৱা এখন বাছক ঘেৰাও কৰি আক্ৰমণ কৰে। আক্ৰমণকাৰীয়ে বিজেপি কৰ্মীক ইটা, শিল, লাঠিৰে আক্ৰমণ কৰি উত
বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ


কলকাতা, ১৪ মাৰ্চ (হি.স.)। উত্তৰ কলকাতাৰ গিৰীশ পাৰ্ক অঞ্চলত শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী কঢ়িয়াই পশ্চিম বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমাৱেশলৈ যোৱা এখন বাছক ঘেৰাও কৰি আক্ৰমণ কৰে। আক্ৰমণকাৰীয়ে বিজেপি কৰ্মীক ইটা, শিল, লাঠিৰে আক্ৰমণ কৰি উত্তৰ কলকাতা বিজেপিৰ জিলা সভাপতি তামাঘনা ঘোষকে ধৰি কেইবাজনো কৰ্মী আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে। তৃণমূল চৰকাৰৰ কেবিনেট মন্ত্ৰী শশী পাঞ্জাৰ ঘৰত লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ অভিযোগো তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে। এই ঘটনাই তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত দোষাৰোপৰ খেলৰ সৃষ্টি কৰিছে। এই ঘটনাত বৌবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ কেইবাজনো লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তৃণমূল কৰ্মীসকলে দাবী কৰিছে যে ব্ৰিগেড খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপি কৰ্মীসকলে পশ্চিমবংগ চৰকাৰৰ কেবিনেট মন্ত্ৰী শশী পাঞ্জাৰ ঘৰত শিলগুটি নিক্ষেপ কৰে। বিজেপি কৰ্মীয়ে তেওঁৰ ঘৰত লক্ষ্য কৰি ইটা দলিয়াই খিৰিকীৰ কাঁচ ভাঙি পেলোৱাৰ অভিযোগো উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ অভিযোগ কৰে যে সভালৈ যোৱা বাছসমূহত ইটা, কাঁচৰ বটল, বিস্ফোৰক আদিও ৰখা হৈছিল। তেওঁ দাবী কৰে যে বাহিৰৰ লোকক আনি পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা কৰা হৈছিল।

শশী পাঞ্জাৰ মতে, গিৰিশ পাৰ্কত থকা তেওঁৰ ঘৰৰ চাৰিওফালে বিজেপি বৰ্জনৰ পোষ্টাৰ আঁৰি দিয়া হৈছিল। অভিযোগ অনুসৰি কাষেৰে পাৰ হৈ যাওঁতে এজন বিজেপি কৰ্মীয়ে বাছৰ পৰা নামি পোষ্টাৰ ফালিবলৈ আৰম্ভ কৰে। পিছত যেতিয়া তৃণমূলৰ কৰ্মীসকলে পোষ্টাৰ লগোৱাৰ বাবে উভতি আহে, তেতিয়া বিবাদ তীব্ৰতৰ হৈ পৰে আৰু কাজিয়া আৰম্ভ হয়। তেওঁৰ ঘৰৰ ফালেও শিলগুটি নিক্ষেপ কৰা হৈছিল।

ইফালে বিজেপিয়ে এই অভিযোগ খণ্ডন কৰিছে। দলটোৱে দাবী কৰা মতে, গিৰিশ পাৰ্কৰ পৰা শোভাযাত্ৰা উলিয়াই নিয়াৰ সময়ত তৃণমূল কৰ্মীসকলে তেওঁলোকৰ বাছসমূহক লক্ষ্য কৰি লৈ ইটা নিক্ষেপ কৰি বিজেপিৰ কেইবাজনো কৰ্মী আহত হয়। বিজেপি উত্তৰ কলকাতা জিলাৰ সভাপতি তামোঘন ঘোষো আহত হৈ চিকিৎসালয়ত ভৰ্তি হয়।

এই ঘটনাত বৌবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বাপ্পাদিত্য নাস্কাৰকে ধৰি কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাৰ সময়ত আৰক্ষী নিষ্ক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

সম্প্ৰতি আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande