
নগাঁও, ১৪ মাৰ্চ (হি.স.)। ধিঙৰ বৰবিল কছাৰীবাৰীত হঠাৎ অহা বজ্রপাতত দুটাকৈ পশুধনৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে । আব্দুল হেলিম নামৰ এজন দৰিদ্ৰ কৃষকৰ আছিল পশুধন দুটা। কালি নিশা বৰষুণৰ লগতে অহা বিজুলী ঢেৰেকনীৰ সময়ত গোহালীত পৰিছিল বজ্ৰপাত। নিজৰ গৰু হালৰ এইদৰে বজ্ৰপাত পৰি মৃত্যু হোৱাত হাহাকাৰ অৱস্থা দৰিদ্ৰ কৃষক জনৰ ।তেওৰ দুৰ্বল আৰ্থিক পৰিস্থিতি বিবেচনা কৰি চৰকাৰৰ পৰা কিছু আৰ্থিক সাহায্য বিচাৰিছে অথবা পুনৰ দুটা পশুধন দিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ