নাজিৰাৰ চকীমুখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰৰ স্থায়ী তোৰণ আৰু বাটচ'ৰা উদ্বোধন
শিৱসাগৰ, ১৪ মাৰ্চ (হি.স.)। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ অন্তৰ্গত চকীমুখ প্ৰাথমিক শাখাৰ নামঘৰৰ স্থায়ী তোৰণ আৰু বাটচ''ৰাৰ আজি উদ্বোধন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি অৰুণ গগৈয়ে আগবঢ়োৱা এই স্থায়ী তো
নাজিৰাৰ চকীমুখত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰৰ স্থায়ী তোৰণ আৰু বাটচ'ৰা উদ্বোধন


শিৱসাগৰ, ১৪ মাৰ্চ (হি.স.)। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ অন্তৰ্গত চকীমুখ প্ৰাথমিক শাখাৰ নামঘৰৰ স্থায়ী তোৰণ আৰু বাটচ'ৰাৰ আজি উদ্বোধন কৰা হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ সাহিত্য শাখাৰ সভাপতি অৰুণ গগৈয়ে আগবঢ়োৱা এই স্থায়ী তোৰণ আৰু বাটচ'ৰাভাগ উদ্বোধন কৰে শ্ৰী মন্ত শঙ্কৰদেৱ সংঘৰ উপদেষ্টা কমলাকান্ত গগৈয়ে। লগতে শ্ৰীমন্ত শকৰদেৱ সংঘ চকীমুখ প্ৰাথমিক শাখা, বৈষ্ণৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দিনৰ ভাগত শ্ৰীমদ্ভাগৱত পাঠ আৰু বাখ্যানুষ্ঠান, স্থানীয় বয়োজ্যেষ্ঠ সকলৰ সম্বৰ্ধনা আদি কাৰ্যসূচীৰ লগতে সন্ধিয়ালৈ প্ৰদৰ্শন কৰা হ'ব ৰাৱণৰ মুক্তি যজ্ঞ শীৰ্ষক নাট ভাওনা খনি ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande