লাডাখৰ সমাজকৰ্মী সোণম ৱাংচুকৰ বিৰুদ্ধে এন এছ এ আঁতৰালে কেন্দ্ৰই
নতুন দিল্লী, ১৪ মাৰ্চ (হি.স.)। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লাডাখী সমাজ কৰ্মী তথা অভিযন্তা সোণম ৱাংচুকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এনএছএ) প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে ৱাংচুকে এই আইনখনৰ অধীনত নিৰ্ধাৰিত আটকৰ প্ৰায় আধা সময়
लद्दाख के सामाजिक कार्यकर्ता सोनम वांगचुक (फाइल फोटो)


নতুন দিল্লী, ১৪ মাৰ্চ (হি.স.)। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ লাডাখী সমাজ কৰ্মী তথা অভিযন্তা সোণম ৱাংচুকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এনএছএ) প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে ৱাংচুকে এই আইনখনৰ অধীনত নিৰ্ধাৰিত আটকৰ প্ৰায় আধা সময় কটাবলগীয়া হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে এক বিবৃতিত কয় যে লাডাখত শান্তি, স্থিতিশীলতা, আৰু পাৰস্পৰিক বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে সকলো অংশীদাৰৰ সৈতে গঠনমূলক আৰু অৰ্থপূৰ্ণ আলোচনাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিবৃতি অনুসৰি, ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত শান্তিপূৰ্ণ লেহ চহৰত উদ্ভৱ হোৱা গুৰুতৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লেহৰ জিলা দণ্ডাধীশে ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত এন এছ এৰ অধীনত সোণম ৱাংচুকক আটক কৰি ৰাজহুৱা শৃংখলা বজাই ৰাখিবলৈ এক নিৰ্দেশ জাৰি কৰে। এতিয়া ৱাংচুকে এই আইনখনৰ অধীনত নিৰ্ধাৰিত আটকৰ প্ৰায় আধা সময় কটাবলগীয়া হৈছে।

চৰকাৰে উল্লেখ কৰে যে অঞ্চলটোৰ জনসাধাৰণৰ আকাংক্ষা আৰু উদ্বেগক সম্বোধন কৰিবলৈ লাডাখৰ বিভিন্ন অংশীদাৰ আৰু নাগৰিক সমাজৰ নেতাৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে বৰ্তমান বন্ধ আৰু প্ৰতিবাদৰ জলবায়নে ছাত্ৰ-ছাত্ৰী, চাকৰি প্ৰত্যাশী, ব্যৱসায়ী, পৰ্যটন পৰিচালক, পৰ্যটককে ধৰি সমাজৰ বহু শ্ৰেণীক প্ৰভাৱিত কৰিছে আৰু ইয়াৰ প্ৰভাৱ লাডাখৰ অৰ্থনীতিতো পৰিছে।

উচ্চশক্তিশালী সমিতি আৰু অন্যান্য উপযুক্ত মঞ্চৰ জৰিয়তে গঠনমূলক সহযোগিতা আৰু আলোচনাৰ জৰিয়তে অঞ্চলটোৰ সৈতে জড়িত সমস্যাসমূহ সমাধান কৰিব পৰা যাব বুলি চৰকাৰে আশা প্ৰকাশ কৰে। লগতে চৰকাৰে লাডাখৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে তেওঁক অবৈধ আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বৰ্তমান এই গোচৰৰ শুনানি চলি আছে। ১৭ মাৰ্চত উচ্চতম ন্যায়ালয়ত ৱাংচুকৰ আবেদনৰ শুনানিৰ তিনিদিন পূৰ্বে চৰকাৰৰ এই সিদ্ধান্ত আহিছে ।

ৱাংচুকে লেহত লাডাখৰ বাবে সম্পূৰ্ণ ৰাজ্য গঠনৰ দাবীত এক আন্দোলনৰ নেতৃত্ব দিছিল। এই সময়ছোৱাত ২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁৰ প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হয়। এই বিক্ষোভত চাৰিজন লোক নিহত হোৱাৰ লগতে ৮৫ জনতকৈ অধিক লোক আহত হয়। দুদিন পিছত ২৬ ছেপ্টেম্বৰত ৱাংচুকক এন এছ এৰ অধীনত আটক কৰা হয়। ইয়াৰ পিছতে তেওঁক ৰাজস্থানৰ যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

ৰাষ্ট্ৰীয় নিৰাপত্তা বা জনশৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ব্যক্তিক আটক কৰিবলৈ চৰকাৰক ক্ষমতা প্ৰদান কৰে এন এছ এয়ে। এই আইনৰ অধীনত এজন ব্যক্তিক সৰ্বাধিক ১২ মাহৰ বাবে আটক কৰিব পাৰি।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande