
কামৰূপ ১৪ মাৰ্চ (হি.স.):ৰঙিয়াত অমৰুত আঁচনিৰ নামত পাতিছে মৰণফাণ্ড। ৰঙিয়া নগৰৰ ৰাইজক পৰিষ্কাৰ পানী যোগান ধৰাৰ নামত পথৰ কাষ খান্দি বহুওৱা হৈছে পাইপ লাইন। পানীৰ পাইপ লাইন পুতি ভালকৈ সমান নকৰাৰ বাবে কালি নিশা সংঘটিত হৈছে দুৰ্ঘটনা। বৰষুণৰ ফলত পাইপ লাইনবোৰ ক্ৰমাৎ গাত হ'বলৈ ধৰিছে। যাৰ ফলত দুৰ্ঘটনা হোৱাৰ উপক্ৰম হৈছে ৰঙিয়া নগৰৰ মাজত।
মাটি ভৰ্তি এখন ডাম্পাৰ সোমাই পৰে অমৰুত আঁচনিৰ পাইপ লাইনৰ গাতত। আৰক্ষীয়ে ডাম্পাৰ খন উদ্ধাৰ কৰিবলৈ অনা ক্ৰেনো সোমাই পৰে গাঁতত। অচিৰেই প্ৰশাসনক ব্যবস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ