বিহালী সমষ্টিৰ কুলাগুৰীৰ জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজৰ প্ৰতিবাদ
বিহালী সমষ্টিৰ কুলাগুৰীৰ এখন জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজে কৰিলে প্ৰতিবাদ ।
বিহালী সমষ্টিৰ কুলাগুৰীৰ জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজৰ প্ৰতিবাদ


বিশ্বনাথ, ১৪ মাৰ্চ (হি.স.): বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ কুলাগুৰীৰ এখন জৰাজীৰ্ণ দলঙৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বিহালী সমষ্টিৰ কুলাগুৰীৰ এখন জৰাজীৰ্ণ বাহৰ দলঙৰ দুৰৱস্থা আৰু শীঘ্ৰে পকী দলঙ নিৰ্মানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাইজ । বিগত ১০ বছৰ ধৰি স্থানীয় বিধায়ক, সাংসদ, পঞ্চায়ত প্ৰতিনিধিক জৰাজীৰ্ণ বাহঁৰ দলঙ খনৰ পৰিৱৰ্তে পকী দলঙ নিৰ্মাণৰ দাবী জনাই আহিছে যদিও আজিকোপতি কোনো জন প্ৰতিনিধিয়ে গুৰুত্ব নিদিলে। যাৰ বাবে উপায়ন্তৰ হৈ অসম চৰকাৰ হায় হায়, দলঙ আমাক লাগিবই, নিৰ্বাচনৰ পূৰ্বে আমাৰ দলঙ দিয়ক আদি শ্লোগানৰে প্ৰতিবাদত নামিল ৰাইজ।

উল্লেখ্য যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ ১০০ মিটাৰ দুৰত্বত দক্ষিণলৈ এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান তথা কেবাখনো গাওঁ সংযোগী যোৱাৰ একমাত্ৰ পথটোত থকা দলঙ খনে পৰিণত হৈছে মৰণফাণ্ডলৈ । ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ তথা কেইবাখনো গাৱঁৰ ৰাইজ চিকিৎসালয় তথা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱাত হৈছে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । নিৰ্বাচনৰ আগতেই দলঙ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande