
বাক্সা ১৪ মাৰ্চ (হি.স.):বাক্সা জিলাত বৰ্তমান ৰন্ধন গেছৰ কোনোধৰণৰ নাটনি হোৱা নাই। আনকি গ্ৰাহকেও ৰন্ধন গেছৰ নাটনিৰ সম্মুখীন হোৱা নাই। বাক্সা জিলাৰ মুছলপুৰত জিলা আয়ুক্ত কাৰ্যালয়ত যোৱা কালি শুকুৰবাৰে বিয়লি অনুষ্ঠিত এক সংবাদমেলত নৱ নিযুক্ত জিলা আয়ুক্ত ধীৰাজ সাউদে সাংবাদিকৰ আগত মন্তব্য কৰে। শেহতীয়া ভাৱে মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিততে ৰন্ধন গেছৰ নাটনি হোৱা বুলি এচাম লোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰাত প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। বৰ্তমান জিলা খনত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি উল্লেখ কৰি তেওঁ গেছ এজেন্সিয়ে যাতে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জনতাক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
আনহাতে গেছ এজেন্সি সমূহত দৈনিক মজুত পৰীক্ষা কৰিব বুলি জানিবলৈ দি ঘৰুৱা ৰন্ধন গেছ যাতে বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ নহয় তাৰবাবে চোকা নজৰ ৰাখিবলৈ যোগান বিভাগৰ পৰিদৰ্শকক নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে। সংবাদমেলত অতিৰিক্ত আয়ুক্ত মোস্তফা চেলিম আহমেদ, যোগান পৰিদৰ্শক সত্যজিত ফুকন উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ