(লিড) অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ
কাছাৰ, ১৪ মাৰ্চ (হি.স.)। বৰাক উপত্য়াকাৰ কাছাৰৰ শিলচৰত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ২৩,৫৫০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ শিলচৰ-শিলচৰ হাই-স্পীড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্
प्रधानमंत्री नरेन्द्र मोदी शनिवार को सिलचर में जनसभा को संबोधित करते हुए


কাছাৰ, ১৪ মাৰ্চ (হি.স.)। বৰাক উপত্য়াকাৰ কাছাৰৰ শিলচৰত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ২৩,৫৫০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ শিলচৰ-শিলচৰ হাই-স্পীড কৰিডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কয় যে এই প্ৰকল্পসমূহে বৰাক উপত্যকাক উত্তৰ-পূব ভাৰতৰ এক প্ৰধান লজিষ্টিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে কংগ্ৰেছ দলে বছৰ বছৰ ধৰি উত্তৰ-পূবক অৱহেলা কৰি অসমৰ যুৱক-যুৱতীসকলক হিংসা আৰু সন্ত্ৰাসবাদৰ মাজলৈ ঠেলি দিছিল।

প্ৰায় ২২,৮৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো নিয়ন্ত্ৰিত প্ৰৱেশ ব্য়ৱস্থা সম্পন্ন গ্ৰীণফিল্ড চাৰিলেন ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং - শিলচৰ হাইস্পীড কৰিড'ৰৰ লক্ষ্য হৈছে মেঘালয়ৰ শিলচৰ আৰু অসমৰ শিলচৰৰ পাঁচগ্ৰামৰ মাজত সংযোগ যথেষ্ট উন্নত কৰা। অসমৰ শিলচৰৰ সমীপৰ পাঁচগ্ৰামৰ পৰা মেঘালয়স্থিত উমিয়ামৰ সমীপৱৰ্তী মাওলিংখুং (বৰাপানী)লৈ নিৰ্মাণ হ’ব এক্সপ্ৰেছৱে। এই ঘাইপথে মেঘালয়ত ১৪৭ কিলোমিটাৰ পথ আৰু অসমৰ ভাগত ২০ কিলোমিটাৰ পথ সামৰি ল’ব। প্ৰকল্পটো সম্পূৰ্ণ হ’লে গুৱাহাটী আৰু শিলচৰৰ মাজত দুৰত্ব ২৯৫ কিলোমিটাৰৰ পৰা ২৫২ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ লগতে যাত্ৰাৰ সময় প্ৰায় ৮.৩০ ঘণ্টাৰ পৰা প্ৰায় পাঁচ ঘণ্টালৈ হ্ৰাস পাব । তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পটো কেৱল ঘাইপথ নহয়, উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে দশক দশক ধৰি চলি অহা অপেক্ষাৰ অন্ত। ইয়াৰ উপৰিও ঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু সীমা অতিক্ৰম কৰি বাণিজ্য বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই কৰিড’ৰে শিলচৰ, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাৰ দৰে ৰাজ্যৰ মাজত সংযোগ সুদৃঢ় কৰিব। এই ৰাজ্যসমূহৰ যোগেদি বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে বাণিজ্যই সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক উন্নয়নতো উত্থান ঘটাব। ইয়াৰ ফলত কৃষক, উদ্যোগ, আৰু পৰ্যটন খণ্ডও যথেষ্ট লাভৱান হ’ব।

প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ ৩০৬ ৰাষ্ট্ৰীয় ঘাইপথত শিলচৰৰ কেপিটেল পইণ্টৰ সমীপত ট্ৰাংক ৰোডৰ পৰা ৰংগিৰখাৰি পইন্টলৈ ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ পৰা ৰঙাৰখাৰীলৈ উৰণীয়া সেতুৰ ভূমি পূজন অনুষ্ঠানো সম্পন্ন কৰে। ৫৬৪.৫০ কোটি টকা ব্যয়েৰে ৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতু নিৰ্মাণৰ লগতে ৬.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেৱা পথ নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পৰ লক্ষ্য হৈছে চহৰখনৰ অন্যতম ব্যস্ত পথত যান-জঁট হ্ৰাস কৰাৰ লগতে চুবুৰীয়া ৰাজ্য যেনে মিজোৰাম, ত্ৰিপুৰা, মণিপুৰৰ সৈতে সংযোগ উন্নত কৰা। এই প্ৰকল্পই বৰাক উপত্যকাৰ অৰ্থনৈতিক উন্নয়নতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।

ইয়াৰ উপৰিও কৰিমগঞ্জ জিলাৰ পথাৰকান্দিত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰতিষ্ঠানটোৱে অসমৰ কৃষি শিক্ষা আৰু গৱেষণাৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি তুলিব, বৰাক উপত্যকা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰৰ ওচৰতে উচ্চমানৰ কৃষি শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদান কৰিব। তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা কৃষিভিত্তিক ষ্টাৰ্টআপ আৰু উদ্ভাৱনকো প্ৰসাৰিত হ’ব। ৮৮ হেক্টৰ মাটিত ১২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা এই কৃষি মহাবিদ্যালয়ত অত্য়াধুনিক শৈক্ষিক ভৱন, উন্নত পৰীক্ষাগাৰ, ছাত্ৰ–ছাত্ৰীৰ বাবে আৱাস আদিৰ সুবিধা থাকিব ।

ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰাক উপত্যকা ইতিহাস, সংস্কৃতি, উদ্যোগীকৰণৰ সংগমস্থলী আৰু ই কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূব আৰু পশ্চিম বংগক সংযোগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে এই পথ, ৰেল, আৰু শিক্ষা প্ৰকল্পসমূহ বৰাক উপত্যকাক উত্তৰ-পূবৰ বাবে লজিষ্টিক আৰু বাণিজ্যিক এক বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ, যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুযোগ সৃষ্টি কৰা।

কংগ্ৰেছ দলক আক্ৰমণ কৰি মোদীয়ে কয় যে স্বাধীনতাৰ পিছত কেইবাটাও দশক ক্ষমতাত থকাৰ পিছতো কংগ্ৰেছ চৰকাৰসমূহে উত্তৰ-পূবক দিল্লীৰ পৰা আঁতৰাই ৰাখিছিল আৰু হৃদয়ৰ পৰা আঁতৰাই ৰাখিছিল। কংগ্ৰেছ দলে অঞ্চলটোৰ উন্নয়নৰ পৰা বঞ্চিত কৰাৰ লগতে বৰাক উপত্যকাৰ অৰ্থনৈতিক শক্তি দুৰ্বল কৰি তোলাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছে এনে সীমাৰেখা টানিবলৈ অনুমতি দিছিল যে বৰাক উপত্যকা সাগৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল, যাৰ ফলত অঞ্চলটোৰ বাণিজ্যিক বিকাশৰ ক্ষতি হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে এতিয়া এই পৰিস্থিতি সলনি কৰিবলৈ দ্ৰুতগতিত কাম কৰি আছে ।

প্ৰধানমন্ত্ৰীয়ে ঠাট্টা-মস্কৰা কৰি কয় যে কংগ্ৰেছ নেতাসকলক যদি ২৪ হাজাৰ কোটি টকা লিখিবলৈ কলম কাগজ দিয়া হয়, তেন্তে তেওঁলোকে হয়তো ইমান শূন্যও লিখিব নোৱাৰিব। কংগ্ৰেছৰ চিন্তা য'ত শেষ হয়, তাতেই আৰম্ভ হয় বিজেপিৰ কাম।

মোদীয়ে কয় যে বিজেপিৰ মূল মন্ত্ৰ হৈছে উন্নয়নৰ দৌৰত পিছ পৰি থকাসকলক অগ্ৰাধিকাৰ দিয়া। কংগ্ৰেছ চৰকাৰে সীমান্ত অঞ্চলক দেশৰ শেষ গাঁও বুলি গণ্য কৰাৰ বিপৰীতে বিজেপি চৰকাৰে দেশৰ প্ৰথম গাঁও বুলি গণ্য কৰে। এই দৰ্শনৰ লগত খাপ খুৱাই কাছাৰ জিলাত সজীৱ গাঁও কাৰ্যসূচীৰ পৰৱৰ্তী পৰ্যায়ৰ শুভাৰম্ভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে কংগ্ৰেছে অসমৰ যুৱক-যুৱতীসকলক হিংসা আৰু সন্ত্ৰাসবাদৰ দুষ্ট চক্ৰত আবদ্ধ কৰি ৰাখিছিল আৰু বিভাজন আৰু শাসনৰ ৰাজনীতি চলাইছিল। তেওঁ কয় যে আজি অসমৰ যুৱক-যুৱতীসকলৰ সুযোগৰ আকাশ আছে আৰু ৰাজ্যখনে উন্নয়নৰ পথত দ্ৰুতগতিত আগবাঢ়িছে।

বিশ্বৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বহু ঠাইত যুদ্ধসদৃশ পৰিস্থিতি বিৰাজ কৰিছে, আৰু দেশৰ নাগৰিকৰ ওপৰত ইয়াৰ প্ৰভাৱ যাতে নূন্যতম হয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে। এনে সময়ত কংগ্ৰেছে দায়িত্বশীল ৰাজনৈতিক দলৰ ভূমিকা পালন কৰিব লাগিছিল যদিও তাৰ পৰিৱৰ্তে দেশত ভয় আৰু সন্ত্ৰাস বিয়পাই দিয়াৰ চেষ্টা কৰিছে।

মোদীয়ে কয় যে কংগ্ৰেছে নিৰ্বাচনত নিৰন্তৰ পৰাজয়ৰ সন্মুখীন হৈ আছে আৰু অদূৰ ভৱিষ্যতে পৰাজয়ৰ “শতিকা”ত উপনীত হ’বলৈ ওলাইছে। তেওঁ অভিযোগ কৰে যে পৰাজয়ৰ হতাশাত কংগ্ৰেছে দেশক বদনাম কৰিবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পথ, ৰে’ল, শিক্ষাৰ সৈতে জড়িত এই সকলোবোৰ উন্নয়নমূলক কামে বৰাক উপত্যকা আৰু সমগ্ৰ উত্তৰ-পূবৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব, আৰু ভৱিষ্যতে এই অঞ্চলটো বাণিজ্য, উদ্যোগ, আৰু কৰ্মসংস্থাপনৰ এক প্ৰধান কেন্দ্ৰ হৈ পৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande