বৰপেটা জিলা আয়ুক্তৰ বিৰুদ্ধে পূনৰ সৰৱ বিধায়ক শ্বেৰমান আলী
বৰপেটা, ১৪ মাৰ্চ (হি.স.)। জিলা উপায়ুক্ত গৰাকী ষ্টুপিড, ননচেঞ্চ ,তেও ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। মই মন্দিয়াৰ বিধায়ক হলে উপায়ুক্ত জনক কাণত ধৰি বালি খননৰ কাম বন্ধ কৰাম। সাংবাদিকৰ সন্মুখত এইদৰে আজি জিলা উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰক
বৰপেটা জিলা আয়ুক্তৰ বিৰুদ্ধে পূনৰ সৰৱ বিধায়ক শ্বেৰমান আলী


বৰপেটা, ১৪ মাৰ্চ (হি.স.)। জিলা উপায়ুক্ত গৰাকী ষ্টুপিড, ননচেঞ্চ ,তেও ৰাইজৰ শত্ৰু হিচাপে কাম কৰি আছে। মই মন্দিয়াৰ বিধায়ক হলে উপায়ুক্ত জনক কাণত ধৰি বালি খননৰ কাম বন্ধ কৰাম।

সাংবাদিকৰ সন্মুখত এইদৰে আজি জিলা উপায়ুক্ত গৰাকীৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাষ কৰে বিধায়ক শ্বেৰমান আলী। পূৰ্বৰ বাঘবৰ সমষ্টিৰ বহু কেইটা কাম অসম্পূৰ্ণ আৰু সম্পূৰ্ণ নোহোৱা বিষয়ে প্ৰশ্ন কৰাত ওলোটাই সাংবাদিকৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অভিযোগ বুলি দাবী কৰে।

স্থবিৰ কামৰ কথা অস্বীকাৰ কৰে। ৰাইজৰ দলৰ মিত্ৰতা সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে। আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ টিকটত প্ৰতিদ্বন্দিতা কৰিব দৃঢ়তাৰে কয়। ফখৰুদ্দিন আলি আহমেদৰ অৱদান সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া বিচৰাত মূখ খুলিবলৈ অস্বীকাৰ কৰাৰ লগতে সাংবাদিকৰ প্ৰশ্ন এৰাই চলাৰ চেষ্টা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande