মানকাচৰত আৰক্ষীৰ অভিযানত ১৫০ বটল নিষিদ্ধ কফ ছিৰাপসহ এজনক আটক
মানকাচাৰ, ১৪ মাৰ্চ (হি.স.)। মানকাচাৰত আৰক্ষীৰ অভিযান। ১৫০ বটল নিষিদ্ধ কফ ছিৰাপসহ এজনক আটক। ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে যোৱাকালি নিশা মানকাচাৰত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ নিষিদ
মানকাচৰত আৰক্ষীৰ অভিযানত ১৫০ বটল নিষিদ্ধ কফ ছিৰাপসহ এজনক আটক


মানকাচাৰ, ১৪ মাৰ্চ (হি.স.)। মানকাচাৰত আৰক্ষীৰ অভিযান। ১৫০ বটল নিষিদ্ধ কফ ছিৰাপসহ এজনক আটক। ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে যোৱাকালি নিশা মানকাচাৰত আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে। গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

যোৱাকালি সন্ধিয়া হাটশিঙিমাৰীৰ পৰা মানকাচাৰ অভিমুখে আহি থকা এখন ই-ৰিক্সাত নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। সেইমৰ্মে মানকাচাৰ আৰক্ষীৰ এটা দলে কুছনিমাৰাত খোপনি পুতি তালাচী চলায়। অভিযান কালত এখন ই-ৰিক্সাত থকা এটা কাৰ্টুনৰ পৰা ১৫০ বটল নিষিদ্ধ কফ ছিৰাপ উদ্ধাৰ কৰা হয়।

উক্ত সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত ই-ৰিক্সাখনৰ চালক, চৰকাৰপাৰা গাঁৱৰ বাসিন্দা ইয়ানুৰ ইছলামক আৰক্ষীয়ে আটক কৰে। অৱশ্যে অভিযানৰ উমান পাই, ই-ৰিক্সাখনত থকা আন দুজন যাত্ৰীয়ে ঘটনাস্থলীৰ পৰা কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপ খিনিৰ লগতে চোৰাং কাৰ্যত ব্যৱহৃত ই-ৰিক্সা খনো জব্দ কৰিছে। সম্প্ৰতি আৰক্ষীয়ে পলাতক আন দুজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰা

খিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande