
হোজাই, ১৪ মাৰ্চ (হি.স.) । হোজাইত প্ৰৱঞ্চনাৰ জাল মেলি কোটি কোটি টকা সংগ্ৰহ কৰা কুখ্যাত প্ৰৱঞ্চকক আটক কৰিলে বিদেশৰ আৰক্ষীয়ে।
সুদুৰ কুৱেইট এয়াৰপৰ্টত আটক হোজাই পাবিজুৰিৰ এইজন প্ৰৱঞ্চক৷ কুৱেইট আৰক্ষীয়ে কুৱেইট (KUWAIT) এয়াৰপৰ্টৰ পৰা আটক কৰি নিয়ে প্ৰৱঞ্চক দিলোৱাৰ হুছেইনক।
বৰ্তমান কুৱেইটত কাৰাগাৰৰ বাসিন্দা হৈ আছে প্ৰৱঞ্চক দিলোৱাৰ। দিলোৱাৰৰ বিৰুদ্ধে আছে একাধিক লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।
হোজাই, মোৰাঝাৰৰ লগতে কুৱেইটৰ লোককো প্ৰৱঞ্চনাৰে কোটি কোটি টকা সংগ্ৰহ কৰিছিল এই প্ৰৱঞ্চক জনে৷ হোজাই আৰু মোৰাঝাৰ থানাতো দিলোৱাৰৰ বিৰুদ্ধে আছে প্ৰৱঞ্চনাৰ একাধিক গোচৰ।
উক্ত গোচৰ ৰজু হোৱাৰ পিছতে প্ৰৱঞ্চক দিলোৱাৰে হোজাইৰ পৰা পলায়ন কৰি কুৱেইটত উপস্থিত হয় যদিও কুৱেইটত ৰজু হোৱা আন এক প্ৰৱঞ্চনাৰ গোচৰত কুৱেইট আৰক্ষীয়ে কুৱেইট এয়াৰপৰ্টৰ পৰা দিলোৱাৰক আটক কৰি কুৱেইটৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ দিলোৱাৰ নামৰ এই প্ৰবঞ্চকজনে কুৱেইটৰ এজন শ্বেখৰ পৰা প্ৰৱঞ্চনাৰে ২৫ কোটি টকা আত্মসাত কৰিছিল৷
শ্বেখ জনৰ অভিযোগত কুৱেইট এয়াৰপৰ্টৰ পৰা আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চক দিলোৱাৰক৷
উল্লেখ্য যে এই প্ৰৱঞ্চক জনে অগৰু ব্যৱসায়ৰ নামত হোজাই চিকাৰীবাৰীৰ এজন যুৱ ব্যৱসায়ীৰ পৰা ১৮ কোটি টকা, গোপালনগৰৰ এজন ব্যৱসায়ীৰ পৰা ১৩ কোটি ৮০ লাখ টকা , এক্সিছ বেংকৰ পৰা পাঁচ কোটি টকাৰ লোন, কেন্সাৰ ৰোগত মৃত্যুক আঁকোৱালী লোৱা হোজাইৰ এজন মাৰোৱাৰীৰ পৰা ডেৰ কোটি টকা সংগ্ৰহ কৰি পলাতক হৈ আছিল৷ আন অসংখ্য লোকৰ পৰাও কোটি কোটি টকা আত্মসাত কৰা সন্দৰ্ভত প্ৰৱঞ্চক দিলৱাৰৰ বিৰুদ্ধে হোজাইৰ বিভিন্ন থানাত ৰজু আছে গোচৰ৷
উত্তৰ পূৱ তথা অসমৰ আটাইতকৈ কুখ্যাত প্ৰৱঞ্চক বুলি খ্যাত দিলোৱাৰ হুছেইনক বিচাৰি হোজাই আৰু মোৰাঝাৰ আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা হোজাইৰ বিভিন্ন স্থানত অভিযান চলাই আহিছিল যদিও অতি চতুৰতাৰে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিছিল দিলোৱাৰে৷
কুৱেইটত এইজন প্ৰৱঞ্চক আটক হোৱাৰ পিছতে হোজাইত প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে নিজৰ প্ৰাপ্য ধন বিচাৰি হাহাকাৰ কৰিছে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা