
কাৰ্বি আংলং, ১৪ মাৰ্চ (হি.স.)। কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত লংনিটত কিষাণ মেলা অনুষ্ঠিত।
কাৰ্বি আংলং জিলা কৃষি বিভাগৰ উদ্যোগত কালি আৰু আজি দুদিনীয়া কাৰ্যসূচীৰে লংনিটত কিষাণ মেলা অনুষ্ঠিত কৰা হয় । উক্ত কিষাণ মেলাৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং জিলা আয়ুক্ত আৰণ্যক শইকীয়াই । জিলা আয়ুক্ত গৰাকীয়ে শুভ উদ্বোধন কৰি বিভিন্ন বিভাগৰ পৰা অংশগ্ৰহণ কৰা বিপনীসমূহ পৰিদৰ্শন কৰে ।
ইয়াৰ পাছতেই পাহাৰীয়া জিলাখনৰ কৃষকসকলক লৈ এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত জিলা কৃষি বিষয়া মুকুল ভাৰতী নাথৰ লগতে মূখ্য অতিথি হিচাপে ভিডিচি অধ্যক্ষ জিতেন ৰংহাং, সন্মানীয় অতিথি হিচাপে মীন বিভাগৰ এছ ডি অ বাবুছিং কাথাৰ, ডিফু জ'নেল ৰিচাৰ্চ চেণ্টাৰৰ বৈজ্ঞানিক ডঃ দয়াময় সিংহা, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া বৈজ্ঞানিক ডঃ মনোজ কুমাৰ দ'লে, পশু চিকিৎসা বিভাগৰ বিষয়া ডাঃ এন্থনী লেকথে উপস্থিত থাকে । উক্ত সভাত বিভাগৰ তৰফৰ পৰা কেইগৰাকীমান প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয় আৰু কৃষকসকলে ড্ৰোনৰ জৰিয়তে কেনেদৰে খেতিপথাৰত কীটনাশক ছটিয়াব পাৰে ইয়াৰো এটি আভাস আগবঢ়ায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু