কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ আৰু বিজেৱাইএমৰ ৰাষ্ট্ৰীয় সভাপতিৰ আজি অসম ভ্ৰমণ
–দেওবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব শ্বাহ আৰু সূৰ্য্যই গুৱাহাটী, ১৪ মাৰ্চ (হি.স.)। আজি পুনৰ অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি সন্ধিয়া প্ৰায় ৮ বজাত গুৱাহাটীত উপস্থিত হবহি কেন্দ্ৰীয় গৃহমন্
असमः अमित शाह एवं तेजस्वी सूर्या। फाइल फोटो


–দেওবাৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব শ্বাহ আৰু সূৰ্য্যই

গুৱাহাটী, ১৪ মাৰ্চ (হি.স.)। আজি পুনৰ অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি সন্ধিয়া প্ৰায় ৮ বজাত গুৱাহাটীত উপস্থিত হবহি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

ইফালে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যও একে সময়তে গুৱাহাটীত উপস্থিত থাকিব। কাইলৈ অনুষ্ঠিত হ’বলগীয়া যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব বিজেপিৰ যুৱ শাখাৰ ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা যুৱ মৰ্চাৰ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই যুৱ সন্মিলনতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।

ইফালে, দেওবাৰে দিনৰ ১২ বজাত গুৱাহাটীৰ প্ৰস্তাৱিত প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাও এই অনুষ্ঠানত উপস্থিত থকাৰ খবৰ পোৱা গৈছে। নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত ব্যাপক চৰ্চা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande