বজালীৰ পাঠশালাত বিশ্ব শিল্পী জুবিন গাৰ্গ উদ্যানৰ নিৰ্মাণ কাৰ্য্যৰ শুভৰাম্ভ
বৰপেটা, ১৩ মাৰ্চ (হি.স.)। বজালী জিলাৰ চৌখুটি হাইস্কুলত এখন ‘গ্ৰীণ গেলাৰী’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেএই গ্ৰীণ গেলাৰীখন উদ্বোধন কৰি আনন্দ প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জনোৱা
বজালীৰ পাঠশালাত বিশ্ব শিল্পী জুবিন গাৰ্গ উদ্যানৰ নিৰ্মাণ কাৰ্য্যৰ শুভৰাম্ভ


বৰপেটা, ১৩ মাৰ্চ (হি.স.)। বজালী জিলাৰ চৌখুটি হাইস্কুলত এখন ‘গ্ৰীণ গেলাৰী’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেএই গ্ৰীণ গেলাৰীখন উদ্বোধন কৰি আনন্দ প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জনোৱা মতে এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ২৩ লাখ টকা ব্যয়েৰে গ্ৰীণ গেলাৰীখন নিৰ্মাণ কৰা হৈছে। এই কামটো ৰূপায়ণ কৰাৰ দায়িত্ব খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱাক অৰ্পণ কৰিছিল। লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিশ্বশিল্পী জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ’বলগীয়া “বিশ্বশিল্পী জুবিন গাৰ্গ উদ্যান”ৰো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি উদ্যান খনৰ এটা ভিডিঅ মুকলি কৰে।মন্ত্ৰীজনে কয় যে, অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ডত এনে ধৰণৰ গ্ৰীণ গেলাৰী নিৰ্মাণ কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল। ইতিমধ্যে বহু উন্নয়ন খণ্ডত ইয়াৰ কাম আৰম্ভ হৈছে নামনি অসমৰ বজালীৰ চৌখুটীত এম জি এনৰেগ ৰ অধীনত নিৰ্মাণ হোৱা প্ৰথম খন গ্ৰীণ গেলাৰী বুলি তেও উল্লেখ কৰে। বাকী উন্নয়ন খণ্ডসমূহতো একোখনকৈ গ্ৰীণ গেলাৰী নিৰ্মাণ কৰাৰ বাবে আহ্বান জনায়।এই পদক্ষেপৰ জৰিয়তে বিদ্যালয়সমূহত সুন্দৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande