
নলবাৰী, ১৩ মাৰ্চ (হি.স.)। নলবাৰীৰ চামতাত শুক্ৰবাৰে সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা । চামতাৰ শিৱম চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোৰ দুজন কৰ্মচাৰীৰ বিদ্যুতস্পৃষ্ট হৈ কৰুন মৃত্যুক সাবতি লোৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । মৃত যুৱক দুজন ক্ৰমে কুলবিলৰ হেমাংগ তালুকদাৰ আৰু আনজন যুৱক সাহপুৰৰ মৃণ্ময় বৰ্মন ।
তেল ডিপোটোৰ কৰ্মচাৰী যুৱক দুজনে বিদ্যুতৰ কাম কৰি থকা অৱস্থাত বিদ্যুতৰ খুটা হালি গৈ বৈদ্যুতিক তাৰত লগাত লগে লগে যুৱক দুজন বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাবতি লয় । ইয়াৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰে তেল ডিপো চৌহদত । তেল দিয়া কামত নিয়োজিত কৰ্মচাৰী দুজনক স্বত্বাধিকাৰীয়ে বিদ্যুতৰ কাম কৰিব দিয়াক কেন্দ্ৰ কৰি ক্ষোভ উজাৰে একাংশ ৰাইজে । পিছত বেলশৰ, নলবাৰী আৰু টিহুৰ পৰা যোৱা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা