ইৰাণৰ অৱস্থা আজি কি হয় চাওঁক–ট্ৰাম্প
ৱাশ্বিংটন, ১৩ মাৰ্চ (হি.স.)। ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ মাজতে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ চোষিয়েল ট্রুথত এক কঠোৰ মন্তব্য কৰে। তেওঁ কয়, শুকুৰবাৰে ইৰাণ চৰকাৰৰ কি হ’ব চাওক। শুকুৰবাৰে পুৱা ইৰাণৰ নেতাসকল
6ad5d29de368db3dcf6f9d8e133a223a_824503119.jpg


ৱাশ্বিংটন, ১৩ মাৰ্চ (হি.স.)। ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ মাজতে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ চোষিয়েল ট্রুথত এক কঠোৰ মন্তব্য কৰে। তেওঁ কয়, শুকুৰবাৰে ইৰাণ চৰকাৰৰ কি হ’ব চাওক। শুকুৰবাৰে পুৱা ইৰাণৰ নেতাসকলৰ বাবে ট্ৰাম্পে আৰু কঠোৰ শব্দ ব্যৱহাৰ কৰাৰ লগতে দ্য নিউয়ৰ্ক টাইমছকো লক্ষ্য কৰি লৈছিল।

ট্ৰাম্পে তেওঁৰ চোষিয়েল ট্রুথত লিখা কথাখিনিৰ মোটামুটি অনুবাদত লিখা আছে, আমি ইৰাণৰ সন্ত্ৰাসবাদী শাসন ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰি আছো—সামৰিক, অৰ্থনৈতিক, আৰু আন সকলো ধৰণেৰে। তথাপিও যদি আপুনি ব্যৰ্থ নিউয়ৰ্ক টাইমছখন পঢ়িলে তেন্তে আপুনি জয়ী হোৱা নাই বুলি ভুল হ'ব। ইৰাণৰ নৌসেনা নাই। তেওঁলোকৰ বায়ুসেনা নাই। মিছাইল, ড্ৰোন, আৰু বাকী সকলো ধ্বংস হৈ আছে। আৰু তেওঁলোকৰ নেতাসকল। পৃথিৱীৰ পৰা মচি পেলোৱা হৈছে।

তেওঁ লিখিছে, আমাৰ হাতত অতুলনীয় অগ্নিশক্তি আছে। আমাৰ হাতত সীমাহীন গোলাবাৰুদ আছে। আৰু আমাৰ হাতত যথেষ্ট সময় আছে। মাত্ৰ ৰৈ চাওকচোন আজি এই উন্মাদ আৰু ঘৃণনীয় মানুহৰ কি হয়। যোৱা ৪৭ বছৰে সমগ্ৰ বিশ্বতে নিৰীহ লোকক হত্যা কৰি আহিছে। আৰু এতিয়া মই (আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি) সেইবোৰৰ অন্ত পেলাইছো। এনে কৰাটো মোৰ বাবে কি যে এক প্ৰচণ্ড সন্মান! এই বিষয়ত মনোযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ। - ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্প।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande