ডিব্ৰুগড়ত বিক্ষোভ প্ৰতিবাদ
ডিব্ৰুগড়, ১৩ মাৰ্চ (হি.স.)। ডিব্ৰুগড়ত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত চৌকিডিঙ্গী চাৰিআলিত বিক্ষোভ প্ৰতিবাদ । জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, অসম চুক্তি ৰূপায়নৰে অবৈধ বাংলাদেশী বিতাড়
ডিব্ৰুগড়ত বিক্ষোভ প্ৰতিবাদ


ডিব্ৰুগড়, ১৩ মাৰ্চ (হি.স.)। ডিব্ৰুগড়ত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ উদ্যোগত চৌকিডিঙ্গী চাৰিআলিত বিক্ষোভ প্ৰতিবাদ । জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধ কৰা, অসম চুক্তি ৰূপায়নৰে অবৈধ বাংলাদেশী বিতাড়ন, অসমৰ ইনাৰলাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আদি প্ৰধান দাবীৰে চৌকিডিঙ্গী ৰাজপথ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে।

ন্যায় আমাক লাগিবই, বিজেপি চৰকাৰ গ'বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰমেন বৰুৱা আৰু অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ৰাণু তামুলী, সভানেত্ৰী মীনাক্ষী গগৈ নেতৃত্বত উলিওৱা বিক্ষোভ কাৰ্যসূচী জৰিয়তে আজি উত্থাপিত দাবীসমূহ চৰকাৰক সমাধান কৰিবলৈ দাবী জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande