
গুৱাহাটী, ১৩ মাৰ্চ (হি.স.)। অসমৰ বিশিষ্ট ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ৰেফাৰী আৰু ধাৰাভাষ্যকাৰ প্ৰেমধৰ শৰ্মাদেৱৰ দেহাৱসানৰ খবৰে গভীৰ শোক আৰু মৰ্মাহত কৰিছে আৰু তেওঁৰ মৃত্যু অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
এক প্ৰেছ বিজ্ঞপ্তিত দিলীপ শইকীয়াই কয় যে প্ৰয়াত প্ৰেমধৰ শৰ্মাদেৱে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ ১৯৭০ চনৰ পৰা ১৯৯৫ চনলৈকে ঐতিহ্যবাহী বৰদলৈ ট্ৰফীৰ লগতে ৰাজ্যৰ বিভিন্ন ফুটবল প্ৰতিযোগিতাসমূহত দক্ষতাৰে ৰেফাৰীৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ ধাৰাভাষ্যকাৰ হিচাপে ফুটবল খেলৰ ৰোমাঞ্চকৰ মুহূৰ্তসমূহ ৰেডিঅ'ৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছিল। এটা সময়ত বৰদলৈ ট্ৰফীসহ অসমৰ বহু গুৰুত্বপূৰ্ণ ফুটবল প্ৰতিযোগিতাৰ ধাৰাভাষ্য তেওঁৰ কণ্ঠত শুনিবলৈ ক্ৰীড়াপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছিল।
দিলীপ শইকীয়াই লগতে কয় যে প্ৰেমধৰ শৰ্মাদেৱৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান সদায়ে স্মৰণীয় হৈ থাকিব। তেওঁ প্ৰয়াত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী