অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই ভোট বৰ্জনৰ হুংকাৰ
ওদালগুৰি, ১৩ মাৰ্চ (হি.স.)। কলাইগাঁৱৰ সমীপৰ দক্ষিণ বোক্ৰাঝাৰ গাঁৱত অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই। আঁচনিত নাম অন্তৰ্ভুক্ত নকৰা হলে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰো দিছে ক্ষুব্ধ মহিলাসকলে।
অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই ভোট বৰ্জনৰ হুংকাৰ


ওদালগুৰি, ১৩ মাৰ্চ (হি.স.)। কলাইগাঁৱৰ সমীপৰ দক্ষিণ বোক্ৰাঝাৰ গাঁৱত অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ মহিলাই। আঁচনিত নাম অন্তৰ্ভুক্ত নকৰা হলে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰো দিছে ক্ষুব্ধ মহিলাসকলে।কলাইগাঁৱৰ সমীপৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ বোক্ৰাঝাৰ গাঁৱৰ প্ৰায় ৩০ জনৰো অধিক মহিলা অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

টেঙাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই মহিলাসকলে জনায় যে, বহু বাৰ স্থানীয় বিধায়ক আৰু পঞ্চায়ত কৰ্তৃপক্ষৰ ওচৰত আবেদন জনোৱাৰ পাছতো এতিয়ালৈকে সমস্যাৰ কোনো সমাধান হোৱা নাই।বিশেষকৈ আৰ্থিক দীনতাত ভোগা আৰু অবিবাহিত বহু মহিলা এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ ফলত অসন্তুষ্টি বৃদ্ধি পাইছে গাঁও খনত । তেওঁলোকে অভিযোগ কৰে যে, যোগ্য হোৱা স্বত্বেও তেওঁলোকৰ নাম আঁচনিত অন্তৰ্ভুক্ত কৰা হোৱা নাই।“আমি বহু বাৰ আবেদন জনালোঁ। কিন্তু এতিয়ালৈকে আমাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম।”ইয়াৰ লগতে স্থানীয় মহিলাসকলে মুখ্যমন্ত্ৰীক এই বিষয়টোত দ্ৰুত হস্তক্ষেপ কৰি তেওঁলোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande