
ডিব্ৰুগড়, ১৩ মাৰ্চ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড় ৰাজপথত আজি নামিল অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা যুৱ মঞ্চ। ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায় ব্যৱস্থাক লৈ ওলোটা মন্তব্যকো উভতি ধৰিছে অসমীয়া মহিলা মঞ্চই।
আনহাতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিদিলে নিৰ্বাচনত অসমৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি সঁকিয়নী প্ৰদান কৰিছে। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অসম চুক্তি ৰূপায়নেৰে অবৈধ বাংলাদেশী বিতাৰণ কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আদি দাবীসমূহ উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ