মৰাণত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান
ডিব্ৰুগড়, ১৩ মাৰ্চ (হি.স.)। মৰাণ ফায়াৰ এণ্ড ইমাৰ্জেন্সি ছাৰ্ভিচেছ ষ্টেচনৰ সমীপত তিলৈ গ্ৰাম্যবজাৰ প্ৰেক্ষাগৃহত আজি পুৱা এক অভাৱনীয় ঘটনা সংঘটিত হয়। লাচিত কলিতা নামৰ ষ্টেচনটোৰ এজন ফায়াৰমেনে তাত বান্ধি থোৱা এটা হাতীক বিস্কুট খুৱাবলৈ যাওঁতেই হাতীটোৱে অ
মৰাণত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান


ডিব্ৰুগড়, ১৩ মাৰ্চ (হি.স.)। মৰাণ ফায়াৰ এণ্ড ইমাৰ্জেন্সি ছাৰ্ভিচেছ ষ্টেচনৰ সমীপত তিলৈ গ্ৰাম্যবজাৰ প্ৰেক্ষাগৃহত আজি পুৱা এক অভাৱনীয় ঘটনা সংঘটিত হয়। লাচিত কলিতা নামৰ ষ্টেচনটোৰ এজন ফায়াৰমেনে তাত বান্ধি থোৱা এটা হাতীক বিস্কুট খুৱাবলৈ যাওঁতেই হাতীটোৱে অতৰ্কিতে শুঁৰেৰে মেৰিয়াই ধৰি মাটিত আচাৰ মাৰে।

আক্ৰমণত গুৰুতৰভাৱে আহত জোৱানজনক সহকৰ্মীসকলে ততাতৈয়াকৈ মৰাণ মেডিকেল চেণ্টাৰলৈ লৈ যায়। তাত এক্স-ৰে কৰাত তেওঁৰ কেইবাডাল কামিহাড় ভঙা বুলি ধৰা পৰে আৰু লগে লগে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ (AMCH) প্ৰেৰণ কৰা হয়।জানিব পৰা মতে, ছিপাঝাৰ বুঢ়াগাওঁৰ নিবাসী লাচিত কলিতাই প্ৰায় তিনিমাহ পূৰ্বে নাহৰকটীয়াৰ পৰা মৰাণলৈ ডেপুটেশ্যনত আহিছিল। আক্ৰমণকাৰী হাতীটোৰ গৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও, ঘটনাৰ পিছতে মাউতে হাতীটো সেই স্থানৰ পৰা আঁতৰাই লৈ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande