
ওদালগুৰি, ১৩ মাৰ্চ (হি.স.)। ২৫ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল'লে সভাপতি দ্বীপেন বড়োৱে। কাইলৈ সক্ৰিয় ৰাজনীতিলৈ আহিব দ্বীপেন বড়ো । ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব দ্বীপেন বড়ো।
ৰাইজ আৰু সমাজ সেৱাই জীৱনৰ মুল ব্ৰত হিচাপে গ্ৰহণ কৰিব তেখেতে সদায়।
প্ৰতি মুহূৰ্ততে জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বিদায়ী সভাপতি গৰাকীৰ। ৰাইজে কেতিয়াও পেছাদাৰী ৰাজনৈতিক নেতা হিচাপে গ্ৰহণ কৰিব নালাগে দ্বীপেন বড়োক । পূৰ্বে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল দ্বীপেন বড়োৱে।
এতিয়া সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি পুনৰ বিপিএফ আৰু ইউ পি পি এলক একত্ৰীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস আছে এদিন নহয় এদিন এই উদ্যশ্যত সফল হ'ব।
নিজৰ ছাত্ৰ জীৱনৰ কথা সোঁৱৰি আজি আবেগিক হৈ পৰে ছাত্ৰ নেতাজন । সাংবাদিকেৰে হোৱা সাক্ষাতত নিজৰ কৰ্মময় জীৱন আৰু শিক্ষকতা জীৱনৰ কথা সোঁৱৰি যথেষ্ট আবেগিক হৈ পৰে।
২০০১ চনত আনুষ্ঠানিকভাৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ পৰৱৰ্তী পৰ্যায়ত তিনিটা কাৰ্যকালৰ বাবে সংগঠনটিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা