
নতুন দিল্লী, ১৩ মাৰ্চ (হি.স.)। দেশত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে প্ৰশাসনৰ নিৰুদ্দেশৰ ক্ষেত্রত নিৰুদ্দেশ হোৱা লোকৰ স্থান নিৰ্ণয়ৰ ক্ষেত্ৰত তীব্ৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। বিষয়টোৰ ওপৰত ছুঅ’ মটু জ্ঞান লৈ আয়োগে বিহাৰ, ওড়িশা, তেলেংগানা, মহাৰাষ্ট্ৰ, আৰু ৰাজস্থানৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন বিচাৰিছে।
আয়োগে কয় যে ২০২৬ চনৰ ৯ মাৰ্চ তাৰিখৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য অনুসৰি ওড়িশা, বিহাৰ, তেলেংগানা, আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক মানৱ সৰবৰাহৰ গোচৰ সংঘটিত হৈছে। কিশোৰ সৰবৰাহৰ ক্ষেত্ৰত ওড়িশাই আগবাঢ়ি আছে, তাৰ পিছতে বিহাৰ। ৰাজস্থানত সৰ্বাধিক নাবালক সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। এই শিশুসকলক ভিক্ষা, শিশু শ্ৰমিক, বেশ্যাবৃত্তি, আৰু অন্যান্য অবৈধ কাম-কাজত বাধ্য কৰাইছে বুলি সন্দেহ কৰা হৈছে। বিহাৰত ২০১৩ চনৰ পৰা বছৰি ৰিপ’ৰ্ট কৰা ১২,০০০-১৪,০০০ নিৰুদ্দেশৰ গোচৰৰ দুই তৃতীয়াংশহে উদ্ধাৰ কৰা হৈছে। ইয়াৰে বহুতেই শিশু।
আয়োগৰ প্ৰতিবেদনত নিৰুদ্দেশ হোৱা লোক, বিশেষকৈ শিশুৰ সংখ্যা বৃদ্ধিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰস্তাৱিত পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে আৰু লগতে এই ৰাজ্যসমূহত নিৰুদ্দেশ হোৱা লোকৰ অৱস্থাৰ শেহতীয়া পৰিসংখ্যাগত তথ্য প্ৰদান কৰিবলৈ এনচিআৰবিক নিৰ্দেশ দিয়া হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী