
বৰপেটা, ১৩ মাৰ্চ (হি.স.)। বৰপেটা আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান। বৰপেটা সদৰ থানাৰ অন্তৰ্গত নগাঁৱৰ বালাৰজান দলঙৰ ওচৰত গাঞ্জা বিৰোধী অভিযান। গোপন খবৰৰ ভিত্তিত বৰপেটা আৰক্ষীৰ অভিযানত ১১ কিলোগ্ৰাম গাঞ্জাসহ এটা গাঞ্জা সৰবৰাহকাৰী গ্ৰেপ্তাৰ । ধৃত গাঞ্জা ব্যৱসায়ী জনক বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ আলী মিঞাৰ পুত্ৰ জহুৰুদ্দিন মিঞা বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে ধৃত জহুৰুদ্দিন মিঞাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । আজি বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন কুমাৰ কলিতাৰ নিৰ্দেশত উপ পৰিদৰ্শক সুমিত তালুকদাৰৰ নেতৃত্বত অভিযান চলাই গাঞ্জাসহ গাঞ্জা সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা