মঙলদৈত গেছ চিলিণ্ডাৰৰ কলা বেহা
দৰং, ১৩মাৰ্চ (হি.স.)। ৰাজ্যত বৰ্তমান ছিলিণ্ডাৰৰ নাটনি। ছিলিণ্ডাৰৰ বাবে গ্ৰাহকে হাহাকাৰ কৰিব লগা হৈছে। তেনে সময়তে একাংশ অসাধু ব্য়ৱসায়ী গুদামে গুদামে অবৈধ ছিলিণ্ডাৰ জমা ৰাখিছে বুলি জানিব পৰা গৈছে ।মঙলদৈত গেছ চিলিণ্ডাৰৰ কলা বেহাৰ এক বাতৰি পোহৰলৈ আহিছ
মঙলদৈত গেছ চিলিণ্ডাৰৰ কলা বেহা


দৰং, ১৩মাৰ্চ (হি.স.)। ৰাজ্যত বৰ্তমান ছিলিণ্ডাৰৰ নাটনি। ছিলিণ্ডাৰৰ বাবে গ্ৰাহকে হাহাকাৰ কৰিব লগা হৈছে। তেনে সময়তে একাংশ অসাধু ব্য়ৱসায়ী গুদামে গুদামে অবৈধ ছিলিণ্ডাৰ জমা ৰাখিছে বুলি জানিব পৰা গৈছে ।মঙলদৈত গেছ চিলিণ্ডাৰৰ কলা বেহাৰ এক বাতৰি পোহৰলৈ আহিছে। মঙলদৈৰ বান্দীয়াত দুৰ্গা দেৱী গেছ এজেঞ্চিৰ নামত অবৈধ ভাৱে গুদাম খুলি হবিবুৰ ৰহমান খান নামৰ এজন ব্যক্তিয়ে চলাই আছে ভুৱা এজেঞ্চি।

এনে নাটনিৰ সময়ত গুদামত আছে কেইবাটাও ছিলিণ্ডাৰ। ব্যৱসায়ী হবিবুৰ ৰহমান খানে নিজেই স্বীকাৰ কৰিছে বিগত প্ৰায় চাৰি পাঁচ বছৰ ধৰি তেওঁ এইধৰনে ব্যৱসায় কৰি আছে। তেওঁৰ গুদামৰ পৰা আৰক্ষী, জিলা প্ৰশাসনৰ লোকেও আহি ছিলিণ্ডাৰ লৈ যায় বুলি জনায়। ছিলিণ্ডাৰৰ নিৰ্দিষ্ট দামতকৈ ৮০ ৰ পৰা ১০০ টকা বেছিকৈ লৈ থকা বুলিও স্বীকাৰ কৰে হবিবুৰ ৰহমানে।

এইক্ষেত্ৰত মঙলদৈৰ দুৰ্গা দেৱী গেছ এজেঞ্চিৰ সম্পূৰ্ণ সহযোগত অবৈধ ভাৱে ব্যৱসায় চলাই থকা তেওঁ স্বীকাৰ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande