
বৰপেটা, ১৩ মাৰ্চ (হি.স.)। বৰপেটাৰ বাঘবৰৰ ২ নং চেছৰাৰ আকবৰ আলীৰ বাসগৃহত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বজ্ৰপাত পৰি বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বজ্ৰপাত পৰি আকবৰ আলীৰ এটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ভস্মীভূত হয় ঘৰ খনৰ ধান- চাউল, সকলো গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে ঘৰ খনৰ সকলো সামগ্ৰী বিনষ্ট হয়। জুইত ছাৰখাৰ হৈ পৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আচঁনিৰ কিস্তিৰ সকলো ধন ।
বজ্ৰপাতত হোৱা জুইৰ ফলত প্ৰায় ৬ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। ভুক্তভোগী পৰিয়ালটোৱে বৰ্তমান চৰকাৰৰ পৰা কিছু আৰ্থিক সাহাৰ্য্য বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা