
গোলাঘাট, ১৩ মাৰ্চ (হি.স.)। ৰন্ধন গেছৰ নাটনিৰ আশংকা নাকচ গোলাঘাট জিলা প্ৰশাসনৰ। পশ্চিম এছিয়াত উদ্ভৱ হোৱা সাম্প্ৰতিক যুদ্ধসদৃশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰন্ধন গেছৰ সম্ভাৱ্য নাটনি সন্দৰ্ভত একাংশ লোকৰ মাজত সৃষ্টি হোৱা আশংকাৰ কাৰণে যোৱা কালি সন্ধিয়া গোলাঘাট জিলা প্ৰশাসনে এক বিশেষ আলোচনা সভা অনুষ্ঠিত কৰে।
গোলাঘাট জিলা আয়ুক্তৰ সভা কক্ষত অনুষ্ঠিত আলোচনাত জিলা খনত থকা গেছ এজেঞ্চীৰ স্বত্বাধিকাৰী সকল, নুমলীগড় ৰিফাইনাৰী আৰু অ’ এন জি চি (ONGC)-ৰ প্ৰতিনিধি সকল উপস্থিত থাকে। সভাখন জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত ড০ মণিকা বৰা,অতিৰিক্ত আয়ুক্ত মৌচুমী বৰ্মন, গোলাঘাট যোগান বিভাগৰ উপ-সঞ্চালক মনোজ বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।
সভাত ৰাইজৰ মাজত যাতে অযথা আতংক সৃষ্টি নহয়, তাৰ বাবে সজাগতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে নুমলীগড় ৰিফাইনাৰী আৰু অ’ এন জি চি (ONGC)-ৰ পৰা বৰ্তমান ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মজুত পৰিস্থিতি সম্পৰ্কে সবিশেষ তথ্য গ্ৰহণ কৰে জিলা প্ৰশাসনে।
আলোচনাৰ অন্তত অতিৰিক্ত আয়ুক্ত ড০ মণিকা বৰাই জনায় যে শেহতীয়াকৈ অনলাইন বুকিং ব্যৱস্থাত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও খুব শীঘ্ৰেই সেই সমস্যা সমূহ সমাধান হ’ব। তেখেতে লগতে কয় যে জিলাখনত বৰ্তমান ৰন্ধন গেছৰ পৰ্যাপ্ত মজুত আছে আৰু কোনো ধৰণৰ নাটনি হোৱাৰ সম্ভাৱনা নাই।
ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে বাণিজ্যিক গেছৰ ক্ষেত্ৰত সামান্য সমস্যাৰ সৃষ্টি হৈছে যদিও চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ যোগান অব্যাহত ৰাখিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰিছে।
জিলা প্ৰশাসনে ৰাইজক কোনো ধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আৰু আতংকিত নহ’বলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা