কাৰ্বি আংলং জিলাৰ ডকমকাত দুই গভাইত গৰু চোৰক আটক আৰক্ষীৰ
কাৰ্বি আংলং, ১৩ মাৰ্চ (হি.স.)। কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী চকীৰ অন্তৰ্গত জেংবামন গাঁওত কালি সন্ধিয়া এখন বিলাসী বাহন লৈ গৰু চোৰ কৰিবলৈ অহাৰ সময়তেই স্থানীয় গাঁওৰ ৰাইজে দুই গভাইত গৰু চোৰক আটক কৰে । উক্ত ঘটনাস্থলীত ডকমকা আৰক্ষী উপস্থিত হৈ দুই গভাই
কাৰ্বি আংলং জিলাৰ ডকমকাত দুই গভাইত গৰু চোৰক আটক আৰক্ষীৰ


কাৰ্বি আংলং, ১৩ মাৰ্চ (হি.স.)। কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী চকীৰ অন্তৰ্গত জেংবামন গাঁওত কালি সন্ধিয়া এখন বিলাসী বাহন লৈ গৰু চোৰ কৰিবলৈ অহাৰ সময়তেই স্থানীয় গাঁওৰ ৰাইজে দুই গভাইত গৰু চোৰক আটক কৰে । উক্ত ঘটনাস্থলীত ডকমকা আৰক্ষী উপস্থিত হৈ দুই গভাইত চোৰ ক্ৰমে আক্রামুল হুছেইন (২০) আৰু মহম্মদ আইন উদ্দিনক (৩৭) আটক কৰিব সক্ষম হয় । দুই গভাইত গৰু চোৰ দুজন নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত জীয়ামাৰী গাঁওৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

আটকাধীন দুই গভাইত গৰু চোৰ দুজনৰ লগতে এএছ ০১ এফএছ-৯০২৮ নম্বৰযুক্ত এখন বিলাসী বাহনো জব্দ কৰিবলৈ সক্ষম হয় ডকমকা আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande